নগাঁৱৰ কলং নৈত নিখোঁজ কিশোৰ... 
নগাঁও

নগাঁৱৰ কলং নৈত নিখোঁজ কিশোৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: নগাঁও চহৰৰ নেহৰুবালিৰ কাষেৰে বৈ যোৱা কলংনৈত আজি দুপৰীয়া এজন কিশোৰ সন্ধানহীন হোৱাৰ ঘটনাই চহৰখনত হুৱাদুৱাৰ সৃষ্টি কৰিছে। জানিব পৰা মতে চাহিল বাস্ফৰ নামৰ ১২ বছৰীয়া কিশোৰগৰাকী নেহৰুবালি বাকৰিৰ কলঙত আন চাৰিজন বন্ধুৰ লগত গা ধুবলৈ আহিছিল।

গা ধুবলৈ যোৱাৰ পিছত কিশোৰগৰাকী নিখোঁজ হৈ পৰে।কিশোৰগৰাকী নিখোঁজ হোৱাৰ লগে লগে বন্ধু কেইজনৰ লগতে নেহৰুবালিত থকা লোকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।

পৰৱৰ্তী সময়ত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলাই। বাতৰি লিখা সময়লৈকে কিশোৰগৰাকীৰ সন্ধান লাভ কৰা নাই। নিখোঁজ হোৱা কিশোৰগৰাকীৰ ঘৰ নগাঁও চহৰৰ ৰামকৃষ্ণ পথত বুলি জানিব পৰা গৈছে।