নগাঁও

বটদ্ৰৱা থানৰ মাটি আৰু আকাশীগংগাৰ পানী লৈ ৰামৰায় কুটিৰলৈ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ধৰ্মীয় যাত্ৰা

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ লোকসভা নিৰ্বাচনৰ কুচকাৱাজ চলি থকাৰ মাজতে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আৰম্ভ কৰিছে এক ধৰ্মীয় যাত্ৰা। সাংসদ গৰাকী ভকত বৈষ্ণৱৰ সংগ লৈ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ নিৰ্মালী, পবিত্ৰ আকাশী গংগাৰ জল, গুনমালা পুথি, আৰু গুৰুভূমিৰ মাটি লৈ শনিবাৰৰ পৰা এক বিশেষ যাত্ৰা আৰম্ভ কৰিছে ধুবুৰী জিলাৰ ৰামৰায় কুটিৰ সত্ৰশাললৈ ৷

উল্লেখযোগ্য যে, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিশেষ পুঁজিৰে নিৰ্মাণ হোৱা অসম বাংলাদেশ সীমান্তত থকা ধুবুৰী জিলাৰ ৰামৰায় কুটিৰ সত্ৰশালৰ নৱনিৰ্মিত গুৰুগৃহ, ভকত নিৱাসৰ শুভ উদ্বোধন হ’ব অহা ৫ ফেব্ৰুৱাৰীত। যাৰ বাবে বটদ্ৰৱা থানৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামী, থানৰ বৰ নামলগোৱা ডম্বৰুধৰ গায়ন, দেৱেন আতৈকে আদি কৰি কেৱলীয়া ভকত আৰু নিয়মীয়া ভকত বৈষ্ণৱ সকলে নিৰ্মালী, গংগাৰ জল, গুনমালা পুথি, আৰু গুৰুভূমিৰ মাটি তেওঁক প্ৰদান কৰাৰ পাছত বটদ্ৰৱা থানৰ দৌৌ মন্দিৰৰ নামাচাৰ্য যোগেন কলিতাকে ধৰি গায়ন-বায়ন,একুৰিৰো অধিক ভকত বৈষ্ণৱ , নগাঁৱ সাংবাদিক জ্যোতিপ্ৰসাদ বৰা, ভাস্কৰজ্যোতি মেধি, তীৰ্থ বৰা, উৎপল কলিতা, তুষাৰ ৰঞ্জন বৰা, হিমাংশু কাকতি , বটদ্ৰৱাৰ সাদিন প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাও গুৰুজনাৰ স্মৃতি বিজড়িত সত্ৰখনিৰ অভিমুখে এই যাত্ৰাত ৰাওনা হৈছে ৷

যাত্ৰাপথৰ পলাশবাৰী সমষ্টিৰ ৰামপুৰ ভাগৱতী পাৰাত শংকৰ কলিতা নামৰ এজন সমাজকৰ্মীৰ তত্বাৱধানত একশৰণ ভাগৱতী সমাজৰ ৰামপুৰ শাখাৰ সম্পাদক বিপুল হাজৰিকা, বাবুল হাজৰিকা, তৰুণ বিদ্যাৰ্থী সমাজৰ ভকত বৈষ্ণৱ সকলে বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱক আদৰণী জনাইছে ৷ লোকসেৱা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ এই ধৰ্মীয় যাত্ৰাই বিশেষ তাৎপৰ্য বহন কৰিছে।