পুৰণিগুদামত ৰহস্যজনক অগ্নিকাণ্ডক লৈ স্থানীয় ৰাইজৰ মাজত চাঞ্চল্য... 
নগাঁও

পুৰণিগুদামত ৰহস্যজনক অগ্নিকাণ্ডক লৈ স্থানীয় ৰাইজৰ মাজত চাঞ্চল্য...

Asomiya Pratidin

ডিজিটেল সংবাদ পুৰণিগুদামঃ নগাঁৱৰ পুৰণিগুদামৰ পহুকটাত পুনৰ সংঘটিত হৈছে এক ৰহস্যজনক অগ্নিকাণ্ড। শনিবাৰে সংঘটিত হোৱা এই ৰহস্যজনক অগ্নিকাণ্ডত ভষ্মীভূত হ'ল এটি বাসগৃহৰ বিভিন্ন সামগ্ৰী। বাসগৃহটোৰ গৰাকী আছিল প্ৰশান্ত দাস।

জানিব পৰা মতে এই অগ্নিকাণ্ডত কেইবালক্ষাধিক টকাৰ সা-সম্পত্ত ভস্মিভূত হয়। যিসময়ত এই অগ্নিকাণ্ড সংঘটিত হ'ল সেই সময়ত পৰিয়ালটো গৈছিল নগাঁৱৰ এখন চিকিৎসালয়লৈ।

এতিয়ালৈকে জানিব পৰা হোৱা নাই এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ। উল্লেখ্য যে, যোৱা কিছুদিন ধৰি কোনো কাৰণ নোহোৱাকৈয়ে বাৰে বাৰে প্ৰশান্ত দাসৰ ঘৰৰ বিভিন্ন সামগ্ৰীত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ আহিছিল।

এনে পৰিস্থিতিত প্ৰশান্ত দাসে পৰিয়ালৰ আন আন সদস্যৰ সৈতে এই ঘৰ এৰি কাষৰে পিতৃগৃহত আহি আশ্ৰয় লৈছিল। শনিবাৰেও তেনেকৈয়ে কোনো কাৰণ নোহোৱাকৈ জুই সূত্ৰপাত হৈ এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপিত কৰে। কিন্তু যোৱা কিছু দিন পূৰ্বে কোনো কাৰণ নোহোৱাকৈ হঠাৎ জুইৰ সূত্ৰপাত হোৱাৰ ঘটনাৰ লগতে আজিৰ এই অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।