নগাঁও

জ্যেষ্ঠ নাগৰিকৰ কল্যাণ সম্পর্কীয় সজাগতা সভা সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়া: অসম চৰকাৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সাহাৰ্য্যত সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ উদ্যোগত, জ্যেষ্ঠ নাগৰিক সম্মিলন নগাঁও, জিলা আইনসেৱা প্ৰাধিকৰণ নগাঁৱৰ সহযোগত আৰু শ্রীমন্ত শঙ্কৰ মিশ্যনৰ ব্যৱস্থাপনাত বৃহস্পতিবাৰে শ্ৰীমন্তশঙ্কৰ মিশ্যনৰ লোকসেৱাক হলধৰ ভূঞা সভাকক্ষত জ্যেষ্ঠ নাগৰিকসকলৰ সর্বাঙ্গীণ বিকাশৰ উদ্দেশ্যে এখনি সজাগতা সভা সম্পন্ন হয় ৷ কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰে পুৱা ৮ বজাত স্বচ্ছতা অভিযানৰ পিছত জ্যেষ্ঠ নাগৰিক সকলৰ দ্বাৰা বৃক্ষ ৰোপণ আৰু স্বাস্থ্য-পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়।

পুৱা ১১ বজাত সজাগতা সভাৰ উদ্বোধনী অনুষ্ঠানৰ সভাপতিত্ব কৰে নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি তথা শ্ৰীমন্তশঙ্কৰ মিশ্যনৰ সভাপতি প্রেমেশ্বৰ দাসে৷ অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজ সেৱক তথা নগাঁও আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকনে৷ অনুষ্ঠানৰ আৰম্ভণিতে এটি বৰগীত পৰিবেশন কৰে শিল্পী কৃষ্ণা দেৱীয়ে ৷ তাৰ ঠিক পাছতে লোকগীত পৰিৱেশন কৰে লোকগীতৰ শিল্পী ক্ৰমে দেৱকান্ত শইকীয়া আৰু ধেনুৰাম নাথে ৷

আজিৰ সমাজ ব্যৱস্থাত মূলত: উৎপাদনশীল বয়স বৃদ্ধি, মানসিক স্বাস্থ্য, জ্যেষ্ঠ নাগৰিক সকলৰ ওপৰত গ্ৰহণ কৰা বিভিন্ন চৰকাৰী আঁচনি, জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ৰূপায়ন কৰা চৰকাৰী বিধি-নীতি-নিয়ম সম্পৰ্কে সভাত সমল ব্যক্তিসকলে বিতংকৈ আলোকপাত কৰে। ইয়াৰ উপৰি বিভিন্ন ক্ষেত্ৰত যাত্ৰাৰ সময়ত জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰাপ্ত সন্মান, বেংক আদি বিত্তীয় প্ৰতিষ্ঠান জ্যেষ্ঠ নাগৰিকসকলৰ উচিত সন্মান আদি ওপৰত আলোকপাত কৰাৰ ওপৰি বৰ্তমান সমাজত একাংশ পিতৃ-মাতৃয়ে পুত্ৰ-কন্যাৰ পৰা যথোচিত সময়ত লাভ নকৰা আদৰসাদৰ সম্পৰ্কেও জ্যেষ্ঠ নাগৰিকসকলৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰা হয় ৷

আনহাতে জ্যেষ্ঠ নাগৰিকসকলৰ বিভিন্ন সমস্যাৰাজি সম্পৰ্কত চৰকাৰৰ ন্যায় আৰু সবলিকৰণ বিভাগে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়েও সভাত আলোচনা কৰা হয় ৷ আজিৰ এই সজাগতা সভাখনিত সমল ব্যক্তি ৰূপে উপস্থিত থাকে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্রধান সম্পাদক প্রসন্ন বৰঠাকুৰ,অবসৰপ্ৰাপ্ত বেংক বিষয়া তথা বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, বিশিষ্ট অধিবক্তা বিভা ফুকন, নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মুনমী নেওঁগ,মানসিক স্বাস্থ্য কৰ্মী গীতামনি বৰুৱা আৰু মনিমালা বৰাৰ লগতে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে।

দিনযোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানটি আতঁধৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাই৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিৰ অন্তত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহকাৰী সম্পাদক খগেন নাথে শলাগৰ শৰাই আগবঢ়োৱা পাছতে জাতীয় সংগীত পৰিৱেশনৰে সজাগতা সভাখনি সফল সমাপ্তি ঘটে ৷