নগাঁও

নগাঁৱত চকলাঘাটৰ মহিলাৰ দ্বাৰা 'হৰিচন্দ্ৰ উপাখ্যান' প্ৰদৰ্শন

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ এচ কে বি এলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মোৎসৱ সন্মিলিত এচ কে বি এল শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ উদ্যোগত উদযাপনৰ কৰা হয় ৷ এচ কে বি এল ৰংগমঞ্চত তিনিদিনীয়াকৈ আয়োজিত এই জন্মোৎসৰ অন্তিম দিনা সোমবাৰে নিশা চকলাঘাটৰ সাতভনী মহিলা সমাজৰ দ্বাৰা নাট্যকৰ্মী ৰঞ্জিত শইকীয়াৰ মুখ্য পৰিচালনা আৰু মুনিন্দ্ৰ দাসৰ সহঃ পৰিচালনাত পালা ভাওনা 'হৰিচন্দ্ৰ উপাখ্যান' প্ৰদৰ্শন কৰা হয় ৷ কেৱল শিশু, কিশোৰী আৰু মহিলাৰ দ্বাৰা প্ৰদৰ্শিত এই পালা ভাওনা চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ সমাগমেৰে উৎসৱস্থলী উদুলি-মুদুলি হৈ পৰে ৷ সুন্দৰ নৃত্য-গীতৰ সংমিশ্ৰণত প্ৰাণ পাই উঠা পালা ভাওনাখনিয়ে উপস্থিত দৰ্শকক বেছ আপ্লুত কৰিবলৈ সক্ষম হয় ৷ তদুপৰি ৰেখা শইকীয়া, অৰুণা হাজৰিকা, ভানু দেৱী, সীমা ভূঞা, মিতালী শইকীয়া, পূণ্যপ্ৰভা শইকীয়া, পাৰুল দেৱী, ভানু মুদৈ, বীনা শইকীয়া, মইনা শইকীয়া, নীলমাই শইকীয়া, পূবালী ভূঞা, কৃষ্টিকন্যা শইকীয়াকে ধৰি সমূহ মহিলা শিল্পীৰ লগতে কনমানী ঝৰ্ণা শইকীয়া, গংগীতা শইকীয়া, পৰী মুদৈ, গাৰ্গী শইকীয়া, পংখী শইকীয়া আৰু মেঘনা ভূঞাৰ মনোগ্ৰাহী আৰু বলিষ্ঠ অভিনয়ে সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷ আনকি খোল-তাল-বাঁহীৰ মধুৰ শব্দৰ লগতে সুমধুৰ কাব্যিক বচনৰ মনোমোহা সুৰে বেছ উপভোগ্য কৰি তোলা পালা ভাওনাখনে শেষ মুহূৰ্তলৈকে পেণ্ডেলত আবদ্ধ কৰি ৰাখিলে সহস্ৰাধিক দৰ্শকক ৷