নগাঁও

দীঘলদৰিত মৃত্যঞ্জয় মন্দিৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়া: অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী। ভোগালীক লৈ এতিয়া ব্যস্ত সকলো। ভোগালীক আদৰিবলৈ প্ৰতিজন অসমীয়াই চলাইছে ব্যাপক প্ৰস্তুতি।

একেদৰে ভোগালীৰ অপৰিহাৰ্য অংগ পৰম্পৰাগত ভেলাঘৰ নিৰ্মাণত ব্যস্ত যুৱক-কিশোৰ। ৰাজ্যত এতিয়া দেখিবলৈ পোৱা গৈছে নৱ নৱ ভেলাঘৰ নিৰ্মাণৰ এক অঘোষিত প্ৰতিযোগিতা।

বিভিন্ন ঠাইত নিৰ্মাণ কৰা হৈছে অভিনৱ ভেলাঘৰ।ইয়াৰ সমান্তৰালকৈ পিছ পৰি ৰোৱা নাই জিলা খনৰ দীঘলদৰি অঞ্চলৰ যুৱকসকলো। দীঘলদৰি মিলনপুৰত অঞ্চলৰ ৬খন গাঁৱৰ যুৱকসকল একেলগ হৈ ভোগালী বিহুৰ উপলক্ষে এইবাৰ নিৰ্মাণ কৰিছে মহা মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিৰ প্ৰায় ৫০ফুট উচ্চতাৰ এই ভেলাঘৰ।

দীঘলদৰিৰ মিলনপুৰ গাঁৱৰ পথাৰত এতিয়া অঞ্চলৰ যুৱকসকলৰ ব্যস্ততাৰ যেন অন্ত নাই। দীঘলদৰি, পহুপুৰি, কাকতিগাঁও, আৰ্দশগাঁও, মিলনপুৰ আৰু ন-কাকতি গাঁৱৰ যুৱকসকল লগ হৈ নগাঁৱৰ ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিৰে নিৰ্মাণ কৰিছে এই ভেলাঘৰটো।

'একতাই পৰম বল' ইয়াকে সৰোগত কৰি পথাৰৰ নৰা কাটি ইতিমধ্যে আটকধুনীয়াকৈ নিৰ্মাণ কৰিছে ভেলাঘৰটো। দৃষ্টিনন্দন ভেলাঘৰটোৰ প্ৰায় ৮০% নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিছে। লগতে এই ভেলাঘৰ থলীতে পাঁচদিনীয়া কাৰ্যসূচীৰে ভোগালী মেলাৰো আয়োজন কৰিছে যুৱকসকলে। মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিৰ এই ভেলাঘৰটোৱেও ইতিমধ্যে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু ৰাইজৰ বিপুল সমাদৰ লাভ কৰিব বুলি উদ্যোক্তা সকলে আশা কৰিছে ।