নগাঁও

নগাঁৱৰ পোতনিত "নৱৰং"ৰ ৰঙালী বিহু উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ , বঢ়মপুৰ : নগাঁৱৰ বঢ়মপুৰৰ সমীপৱৰ্তী বৃহত্তৰ পোতনি অঞ্চলত " নৱৰং সাংস্কৃতিক গোষ্ঠী"ৰ উদ্যোগত গোষ্ঠীৰ ৩৯ তম বৰ্ষপূৰ্তি আৰু ৩৭ তম ৰঙালী বিহু উৎসৱ উদযাপন উপলক্ষে আজিৰ পৰা তিনিদিনীয়াকৈ পোতনি ম'হৰচুক গাঁৱৰ " নৱৰং"ৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে । নৱৰং সাংস্কৃতিক গোষ্ঠীৰ কার্যকৰী সম্পাদক দিলীপ কুমাৰ বৰাৰ পতাকা উত্তোলনেৰে আৰম্ভ হয় বিহুৰ কাৰ্য্যসূচী । তাৰ পাছতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সহযোগত এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

বিশিষ্ট নাট্যকাৰ তথা অভিনেতা প্ৰণৱ বৰুৱাই শুভ উদ্বোধন কৰা এই সাংস্কৃতিক শোভাযাত্ৰাত অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অংশগ্ৰহণ কৰি এযোৰা হাতীৰ সৈতে বিহু পৰিৱেশন কৰি নাচি-বাগি ৰাইজক মোহিত কৰি তোলে । নিশালৈ বৃহত্তৰ অঞ্চলটোৰ বাচকবনীয়া শিল্পীসকলৰ দ্বাৰা নাট্যকাৰ অভিজিত ভট্টাচাৰ্য আৰু দিলীপ কুমাৰ বৰাৰ পৰিচালনাৰে " ৰাধা এবাৰ হাঁহি দে " নাটখনি মঞ্চস্থ কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ।