'কংগ্ৰেছ নহয়, AIUDF ৰ লগতে হ'ব আমাৰ প্ৰতিদ্বন্দিতা'- আত্মবিশ্বাসী সুৰেশ বৰা... 
নগাঁও

'কংগ্ৰেছ নহয়, AIUDF ৰ লগতে হ'ব আমাৰ প্ৰতিদ্বন্দিতা'- আত্মবিশ্বাসী সুৰেশ বৰা...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ "এ আই ইউ ডি এফৰ লগত আমাৰ প্ৰতিদ্বন্দিতা হ'ব। নগাঁও লোকসভাত কংগ্ৰেছ তৃতীয় স্থানত থাকিব। কংগ্ৰেছ বৰ্তমান অন্তঃকন্দলত জৰ্জৰিত। মই আজিৰ পৰা গুৰুজনাৰ ওচৰত মূৰ দোঁৱাই যাত্ৰা আৰম্ভ কৰিলোঁ। জয় আমাৰ নিশ্চিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নে ৰাইজক আনন্দ দিছে। বিগত দুমাহৰ পৰা মই বিজেপিৰ বেনাৰত ৰাইজৰ কাষ চাপি অনুভৱ কৰিছোঁ।"

এই মন্তব্য নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ। প্ৰাৰ্থীত্ব লাভ কৰাৰ পাছতে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰা উপস্থিত হয়। জাতীয় সাজ পৰিধান কৰি কীৰ্তন ঘৰত প্ৰৱেশ কৰি বৰাই ভকত বৈষ্ণৱৰ আশীৰ্বাদ গ্ৰহণ কৰে। লগতে বটদ্ৰৱাত দলীয় নেতা কৰ্মীসকলেও উস্ম আদৰনি জনাই প্ৰাৰ্থী সুৰেশ বৰাক।