নগাঁও

চক্ৰ বিষয়াৰ কাৰ্যালয়ত গুণ্ডাগিৰিঃ আটক বিজেপি নেতা

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ চামগুৰি আৰক্ষী থানাৰ আলহী হ'ব লগা হৈছে এজন বিজেপি নেতা ৷ বঢ়মপুৰ বিধানসভা সমষ্টিৰ নেতা বিক্ৰম জিৎ সিঙক কৰায়ত্ব কৰিছে আৰক্ষীয়ে ৷

চামগুৰিৰ ভাৰপ্ৰাপ্ত ৰাজহ চক্ৰ বিষয়া সন্তোষ কুমাৰ নাথৰ অভিযোগৰ ভিত্তিত বিজেপি নেতা বিক্ৰম জিৎ সিঙক আটক কৰিছে আৰক্ষীয়ে ৷ আটকাধীন বিজেপি নেতা বিক্ৰম জিৎ সিঙ বঢ়মপুৰ বিধানসভা সমষ্টিৰ হালোৱাগাঁও গাওঁ পঞ্চায়তৰ সভাপতি ৷

জানিব পৰা মতে চক্ৰ বিষয়া সন্তোষ কুমাৰ নাথৰে কাৰ্যালয়ৰ কোঠাত বিজেপি নেতা বিক্ৰমে তীব্ৰ তৰ্ক বিতৰ্কত লিপ্ত হৈছিল ৷ সন্ধ্যা প্ৰায় ৬:৩০ বজাত বিজেপি নেতা জনে অনুমতিহীন ভাবে চক্ৰ বিষয়াৰ কোঠাত প্ৰবেশ কৰিছিল ৷

ইয়াৰ পিছতে কাৰ্যালয়ত উপস্থিত থকা কৰ্মচাৰীয়ে চক্ৰ বিষয়াৰ কোঠাত চিঞৰ বাখৰ শুনিবলৈ পায় ৷ পিছত চামগুৰি থানাৰ আৰক্ষী থানাৰ দল এটি চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বিজেপি নেতা বিক্ৰম জিৎ সিঙক আটক কৰি থানালৈ নিয়ে ৷