নগাঁও

ছহিদ মনবৰ নাথ মজলীয়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ বেবেজীয়াৰ নিকটৱৰ্তী পূৱ-জামুগুৰিৰ নিবাসী তথা ছহিদ মনবৰ নাথ মজলীয়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বাবুল বৰদলৈৰ ৩৫ বছৰ বয়সত শুকুৰবাৰে নিশা নিজ বাসগৃহত ৰোগাক্ৰান্ত হৈ মৃত্যু ঘটে ।

বৰদলৈ বিগত কিছুদিন ধৰি যকৃৎ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল। যোৱা সপ্তাহত চিকিৎসালয়ৰ পৰা ঘৰলৈ আহিছিল যদিও যোৱা নিশা বৰদলৈৰ পৰলোক প্ৰাপ্তি হয়। মৃত্যুৰ সময়ত বাবুল বৰদলৈয়ে পত্নী আৰু কণমানি সন্তানৰ লগতে দুই ভাতৃক সংসাৰত এৰি থৈ যায় । বৰদলৈৰ মৃত্যুত ছহিদ মনবৰ নাথ মজলীয়া বিদ্যালয়ৰ পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰে।