নগাঁও

নগাঁৱত পাঁচ দিনিয়াকৈ অনুষ্ঠিত হ'ব আন্তঃ জিলা মুকলি দবা প্ৰতিযোগিতা

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা দবা সন্থাৰ উদ্যোগত সদৌ অসম দবা সন্থাৰ সহযোগত ১৬ৰ পৰা ২০ জুলাইলৈ অনুষ্ঠিত হ'ব আন্ত:জিলা মুকলি দবা প্ৰতিযোগিতা। নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাতখনিত বিশ্ব দবা মহা সংঘ আৰু ভাৰতীয় দবা সংঘৰ স্বীকৃতিপ্ৰাপ্ত অসমৰ ৩০ খন জিলাৰ ২০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে।

সোমবাৰে নগাঁও ইলেক্ট্ৰনিক মিডিয়া এচ'ছিয়েশ্বনৰ সভা গৃহত অয়োজন কৰা সাংবাদিক মেলত চুইচ লীগ পদ্ধতিত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাত খনি ৯ টা ৰাউণ্ডত হ'ব বুলি জানিব দিয়ে। গুৱাহাটীৰ প্ৰণৱ কুমাৰ নাথে প্ৰতিযোগিতা খনিৰ মুখ্য আৰ্বিটাৰ হিচাপে খেল সমূহ পৰিচালনা কৰা লগতে প্ৰতিযোগিতাখনিৰ মুখ্য আকৰ্ষণ হ'ব অসমৰ দ্বিতীয় জন আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ গুৱাহাটীৰ মায়াংক চক্ৰৱৰ্তী। আয়োজন সমিতিৰ হৈ সাংবাদিক মেলত সঞ্জয় বৰুৱা,পৰাগধৰ গোস্বামী আৰু নয়ন গোস্বামী, লক্ষ্য জ্যোতি শইকীয়া আৰু অলক মণি ভট্টাচাৰ্য উপস্থিত থাকে।