নগাঁও

নগাঁৱত শিশু সুৰক্ষা অভিযানৰ সামৰণি অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ জিলা শিশু সুৰক্ষা ইউনিটৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত আৰু ৰাজ্যিক শিশু সুৰক্ষা সমিতি, মহিলা আৰু শিশু উন্নয়ন বিভাগ, অসমৰ সহযোগত “সুৰক্ষিত শৈশৱ, সোণালী অসম” শীৰ্ষক শিশু সুৰক্ষাৰ ওপৰত ৯০ দিনীয়া অভিযানৰ সামৰণি অনুষ্ঠান সোমবাৰে নগাঁৱৰ কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠত অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ২০২৩ চনৰ ১২ জুন তাৰিখে এই অভিযান আৰম্ভ কৰা হৈছিল।

নগাঁও জিলাৰ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে মুখ্য অতিথি হিচাপে উপস্থিত থাকি দেশৰ উন্নত ভৱিষ্যত আৰু শক্তিশালী দেশ গঠনৰ বাবে আমাৰ ল'ৰা-ছোৱালী আৰু নৱপ্ৰজন্মক সুৰক্ষা প্ৰদান কৰা আৰু লালন-পালনৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে। জিলা আয়ুক্তগৰাকীয়ে শিশুসকলৰ বাবে উন্নত জীৱন-যাপনৰ পৰিৱেশ সৃষ্টিৰ বাবে প্ৰয়োজনীয় সামাজিক পৰিৱৰ্তন আনিবলৈ আৰু বাল্য বিবাহ, ড্ৰাগছ সেৱন আৰু আনুষংগিক অপৰাধৰ দৰে সমাজৰ অপশক্তিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে সমাজৰ ভূমিকাৰ বিষয়েও উল্লেখ কৰে।

কাৰ্যসূচীত এই ৯০ দিনীয়া অভিযানৰ অংশ হিচাপে ৯০ দিনৰ ভিতৰত উদ্ধাৰ কৰা ৯টা শিশুৰ লগতে জিলা শিশু সুৰক্ষা ইউনিটে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ ওপৰত চমু পিপিটি উপস্থাপন কৰা হয়। য'ত শিশু শ্ৰমিকৰ অপকাৰিতা সম্পৰ্কে বাটৰ নাট প্ৰদৰ্শন, স্বাক্ষৰ অভিযান, শিশু গৃহৰ বাসিন্দাসকলৰ বাবে বিশেষ কাৰ্যসূচী, উদ্ধাৰ অভিযানৰ সন্দৰ্ভত তথ্য অন্তৰ্ভুক্ত কৰা হয়। এই কাৰ্যসূচীত জিলাখনৰ শিশু গৃহৰ গাঁথনি আৰু কাম-কাজৰ ওপৰত এক চমু উপস্থাপনো প্ৰদৰ্শন কৰা হয়। তদুুপৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, যেনে- কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰীৰ সমবেত সংগীত আৰু নৃত্য পৰিবেশন, নগাঁৱৰ মহিলা আৰু শিশুৰ বাবে ৰাজ্যিক গৃহৰ শিশুসকলৰ যোগ, নৃত্য আৰু টাইকোৱাণ্ডো প্ৰদৰ্শন আৰু ৰঙালু বাটাৰফ্লাই শিশু গৃহৰ শিশুসকলৰ নৃত্য প্ৰদৰ্শন আদিও অনুষ্ঠিত হয়।

অনুষ্ঠানত নগাঁও আৰক্ষী অধীক্ষক নৱনীত মহন্ত, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, অতিৰিক্ত জিলা আয়ুক্ত ফিলিছ ভি এল হ্ৰংচাল, নগাঁৱৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰূপজ্যোতি মহন্ত, নগাঁও জিলা শিশু সুৰক্ষা বিষয়া অঞ্জলি আৰ্য্য, নগাঁৱৰ কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠৰ অধ্যক্ষ, নগাঁও জিলা প্ৰশাসনৰ বিষয়াসকলৰ লগতে কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠ শিক্ষক শিক্ষয়িত্ৰী তথা জিলা শিশু সুৰক্ষা ইউনিটৰ, কৰ্মচাৰী আৰু শেষত নগাঁৱৰ কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।