নগাঁও

১৫ হাজাৰ দৰত জন্মদাত্ৰীয়ে বিক্ৰী কৰিলে সন্তানক

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱত সংঘটিত হৈছে শিশু বিক্ৰীৰ দৰে চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী মাতৃয়ে ১৫ হাজাৰ টকাত নিজ ৪মহীয়া কন্যা সন্তানক বিক্ৰী কৰাৰ কথা পোহৰলৈ আহিছে। ১৫ হাজাৰ টকা দৰত শিশুটিক বিক্ৰী কৰাৰ অভিযোগ মাতৃগৰাকীৰ বিৰুদ্ধে।

এই ঘটনা পোহৰলৈ আনিছে নগাঁও জিলা শিশু সুৰক্ষা সমিতিয়ে ৷ ঘটনাৰ সন্দৰ্ভত নগাঁও সদৰ থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ১২০(বি), ৪২০ অধীনত ৮০৩/২০২৩ নম্বৰত ইতিমধ্যেই এক গোচৰ ৰুজু হৈছে ৷ অৱশ্যে শিশু বিক্ৰীৰ ঘটনাৰ তদন্তৰ সন্দৰ্ভত নগাঁও আৰক্ষীৰ কোনো সক্ৰিয়তা নাই ৷

জানিব পৰা মতে বিক্ৰী হোৱা শিশুটি নগাঁৱৰ কাৱৈমাৰীৰ ৷ ৪মহীয়া কন্যা শিশুটিৰ পিতৃ কৰ্মসূত্ৰে কেৰেলাত থাকে ৷ দৰিদ্ৰতাৰ হেতু কেৰেলাত হাজিৰা কাম কৰে পিতৃয়ে ৷ ইফালে ঘৰতে থকা মাতৃয়ে শিশুটিক বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহে ৷ শিশু বিক্ৰীৰে জড়িত চক্ৰটোত ৫জন লোক থকা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত নগাঁও জিলা শিশু সুৰক্ষা সমিতি আৰু আৰক্ষীয়ে তথ্য সদৰি কৰাৰ পৰা বিৰত আছে ৷