নগাঁও

মুখ্যমন্ত্ৰীক অপসাৰণৰ দাবীত ৰাজ্যপাললৈ নগাঁও নাগৰিক সভাৰ পত্ৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণৰ দাবীত শুকুৰবাৰে নগাঁও নাগৰিক সভাৰ নেতৃত্বত এটা সজাতি দলে ৰাজভৱনত ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰদান কৰে। নাগৰিক সভাৰ সম্পাদক বিৰিঞ্চি বৰাই এই সম্পৰ্কে কেতবোৰ মন্তব্য কৰে।

তেঁও কয় যে সংবিধান প্ৰদত্ত সকলো নিয়ম-কানুন ভৰিৰে মোহাৰি ব্যক্তিগত সা-সম্পত্তি আহৰণত ব্যস্ত, মহিলাক সুৰক্ষা প্ৰদানত ব্যৰ্থ, ধৃতৰাষ্ট্ৰস্বৰূপ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শাসনভাৰ চলোৱাৰ ব্যৰ্থতা ঢাকিবলৈ গৈ ঘৃণনীয় সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লৈছে। লগতে বিধানসভাৰ পৱিত্ৰ মজিয়াতো সাম্প্ৰদায়িক মন্তব্যৰে ন্যস্ত ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবলৈ আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত কৰিবলৈ অহৰহ যত্ন কৰিছে।

তাৰোপৰি মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে গোগ্ৰাসে আহৰণ কৰা সম্পতিৰ তালিকাও লোকচক্ষুৰ পৰা আতৰাই ৰাখিবলৈ বিচাৰিছে বুলি বিস্ফোৰণ মন্তব্য কৰে। সম্পাদক বিৰিঞ্চি বৰাই অসমৰ ৰাইজৰ সম্পতি এনেকৈ এফালৰ পৰা দখল কৰিবলৈ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালক দিয়া নহ'ব বুলি ব্যক্ত কৰে।

সেয়েহে ৰাজ্যৰ একোজন সচেতন নাগৰিক হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰি ৰাজ্যত শান্তিৰ বাতাৱৰণ বৰ্তাই ৰাখিবলৈ নগাঁও নাগৰিক সভাই ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত নগাঁও নাগৰিক সভাৰ সম্পাদক বিৰিঞ্চি বৰা, উপসভাপতি দুলাল বৰা, চুমি বৰাৰ লগতে অনুৰুপা ডেকাৰজাও উপস্থিত থাকে।