নগাঁও

নগাঁও কলেজত "দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা বঁটা" প্ৰদান...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ 'শিক্ষাদানৰ লগতে উৎকৃষ্ট গৱেষণাৰ দ্বাৰাহে কলেজ তথা এখন বিশ্ববিদ্যালয়ক আগুৱাই নিব পাৰি'।- এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈৰ। শুকুৰবাৰে নগাঁও কলেজ (অট’নমাচ)ত দুলাল চন্দ্ৰ গোস্বামী ন্যাস আৰু আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষ, নগাঁও কলেজ (অট’নমাচ)ৰ উদ্যোগত অনুষ্ঠিত ‘দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা বঁটা প্ৰদান’ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে উপাচাৰ্যগৰাকীয়ে। ডাঙৰ এখন শিক্ষানুষ্ঠান সৰু মনৰ সৈতে গতি কৰিব নোৱাৰে বুলিও ড০ সন্দিকৈয়ে উল্লেখ কৰে। তদুপৰি অধ্যাপক সন্দিকৈয়ে নগাঁও কলেজখনে বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

নগাঁও কলেজৰ উন্নত আন্তঃগাঁথনি আৰু শৈক্ষিক পৰিৱেশৰ কথা অৱগত কৰি নগাঁও কলেজৰ গৱেষণাৰ ক্ষেত্ৰখনলৈ আৰ্থিক অৱদান আগবঢ়োৱাৰ বাবে ‘দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা বঁটা’ৰ লগত জড়িত চিকিৎসক ডাঃ মুকুট গোস্বামীক ধন্যবাদ জ্ঞাপন কৰে তেওঁ। ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা ড০ অনন্যা হিলৈদাৰীয়ে আঁত ধৰা আৰু কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে সভাপতিত্ব কৰা এই বঁটা প্ৰদান অনুষ্ঠানত ড০ সন্দিকৈয়ে ২০২৩ বৰ্ষৰ ‘দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা বঁটা’ নগাঁও কলেজ (অট’নমাচ)ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক তথা আভ্যন্তৰীণমান আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়া আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা তথা নগাঁও কলেজ (অট’নমাচ)ৰ শৈক্ষিক সদস্য সচিব ড০ ফাৰিস্তা য়াচমিনক প্ৰদান কৰে।

এই বঁটাত নগদ ৩০,০০০ টকা, এখন মানপত্ৰ আৰু এটি স্মাৰক প্ৰদান কৰা হয়। অনুষ্ঠানত ‘দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা বঁটা’ ৰ দাতা বিশিষ্ট চিকিৎসক ডাঃ মুকুট গোস্বামী উপস্থিত থাকি নগাঁও কলেজৰ শৈক্ষিক তথা গৱেষণাৰ বাতাবৰণৰ আভাস দাঙি ধৰে। ডাঃ গোস্বামীয়ে শিক্ষকসকলক উদ্দেশ্য কৰি শিক্ষকসকল পথপ্ৰদৰ্শক, প্ৰেৰণাদায়ক আৰু জ্ঞানৰ ভাণ্ডাৰ হ’ব লাগিব বুলি কয়। ছাত্ৰ-ছাত্ৰীক সফলতা অৰ্জন কৰিবলৈ ধৈৰ্য, একাগ্ৰতা, প্ৰচেষ্টা এইসমূহ গুণ আয়ত্ত কৰিবলৈ আহ্বান জনায়। ছাত্ৰ-ছাত্ৰীসকলক পিতৃ-মাতৃ, জ্যেষ্ঠজন, শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধাশীল হ’বলৈ আৰু নিয়মানুৱৰ্তিতা, নম্ৰতা, শ্ৰদ্ধা আদি গুণ আয়ত্ত কৰিবলৈ কয় তেওঁ। নগাঁও কলেজৰ গৱেষণাৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰিবলৈ তথা গৱেষকসকলক উৎসাহিত কৰিবলৈ ডাঃ গোস্বামীয়ে শুকুৰবাৰে পুনৰ ৫ লাখ টকাৰ চেক আগবঢ়াই সৰ্বমুঠ ১৫ লাখ টকা ন্যাসলৈ প্ৰদান কৰে।

ডাঃ মুকুট গোস্বামীৰ সহধৰ্মিণী বিভা গোস্বামীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি ঋকবেদৰ ভাঙণি আৰু ঊপনিষদৰ সংস্কৃত সংস্কৰণ নগাঁও কলেজক প্ৰদান কৰে। নগাঁও কলেজ পৰিচালনা সমিতিৰ সভাপতি ড০ শৰৎ কুমাৰ দত্তই বঁটা প্ৰাপক শিক্ষক দুজনক শুভেচ্ছা জ্ঞাপন কৰি মন্তব্য আগবঢ়ায়। এই অনুষ্ঠানত নগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ তথা সমাজ সেৱক মুৰুলী শৰ্মাকে ধৰি অৱসৰপ্ৰাপ্ত অধ্যাপক-অধ্যাপিকা বন্তি নেওগ, হলিৰাম হাজৰিকা, ড০ ৰশ্মি বৰঠাকুৰ, কলেজৰ উপাধ্যক্ষ ড০ পুলিন চন্দ্ৰ বৰা, জ্যেষ্ঠ অধ্যাপক ৰঞ্জিত কুমাৰ মজিন্দাৰ, শিক্ষক পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱাক, অধ্যাপক-অধ্যাপিকা গৱেষক-গৱেষিকা, দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।