নগাঁও

সৰ্বভাৰতীয় মেডিকেল প্রৱেশ পৰীক্ষাত নগাঁৱৰ ডাছোৱানী ক্লাছেচৰ সাফল্য...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ প্রত্যেক বছৰৰ দৰে এই বছৰো সদ্যঘোষিত সৰ্বভাৰতীয় মেডিকেল প্রৱেশ পৰীক্ষাত(Neet) নগাঁৱৰ অগ্রনী শিক্ষানুষ্ঠান ডাছোৱানী ক্লাছেচৰ সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে । প্রতিষ্ঠানখনৰ পৰা এইবছৰত মুঠ অৱতীৰ্ণ হোৱা ১০০ জন ছাত্ৰ-ছাত্রীৰ ভিতৰত ১০০ জনেই মেডিকেল প্রৱেশ পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। Neet পৰীক্ষাত ময়ুৰী শৰ্মা ৬৭৫ নম্বৰ লাভেৰে প্ৰতিষ্ঠানখনৰ পৰা প্ৰথম স্থানত উত্তীৰ্ণ হবলৈ সক্ষম হয়।

প্ৰতিষ্ঠানখনৰ পৰিচালক ড° প্ৰাঞ্জল কুমাৰ বৰাই জনোৱা মতে NEET পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৪৫ জন ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী চিকিৎসালয়ত পঢ়িবৰ বাবে সুবিধা লাভ কৰিব। প্ৰতিষ্ঠানখনৰ উত্তৰণৰ বাবে ৰাজস্থান কোটাৰ পৰা অহা ৮জন বিশেষ অভিজ্ঞ শিক্ষকে পাঠদান কৰে।

পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ নিয়মিত পাঠদান আৰু সাপ্তাহিক মূল্যায়নৰ ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিয়ে বুলি পৰিচালক ড° প্ৰাঞ্জল কুমাৰ বৰাই আমাক অৱগত কৰে। ডাছোৱানীৰ এই সাফল্যই জিলাখনলৈ এক সুনাম কঢ়িয়াই অনাৰ লগতে প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক সকলৰ মাজত এক আনন্দৰ পৰিৱেশ বিৰাজ কৰিছে। ডাছোৱানিৰ পৰিচালক ড°প্ৰাঞ্জল কুমাৰ বৰাই জানিব দিয়া মতে চলিত বৰ্ষৰ পাঠ্যক্ৰমসমূহ অহা ২০ জুনৰ পৰা আৰম্ভ হ'ব ।