নগাঁও

নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তি

Asomiya Pratidin

ডিজিটেল ডেস্ক : নগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুৰেশ বৰাৰ পদত্যাগৰ পিছতে জিলাখনৰ নতুন সভাপতি নিযুক্তি দিয়া হৈছে। এই দায়িত্ব প্ৰশান্ত কুমাৰ শইকীয়াক অৰ্পণ কৰা হৈছে। সুৰেশ বৰাৰ পদত্যাগৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ঘোষণা কৰিছিল যে, ৪৮ ঘণ্টাৰ ভিতৰতে জিলাখনৰ সভাপতি পদ পূৰণ কৰিব।

সেই মৰ্মে অৱসৰপ্ৰাপ্ত অধ্যাপক শইকীয়াক নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়া হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৩জনীয়া পেনেলৰ সিদ্ধান্ত অনুসৰি তেওঁক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰা হয়।

উল্লেখযোগ্য় যে দেৱালী আৰু আন কিবা কাৰণত এ আই চি চিৰ কাৰ্যালয় এসপ্তাহৰ বাবে বন্ধ আছে। সেয়ে কাৰ্যালয় খোলাৰ পিছত জিলাখনৰ স্থায়ী তথা পূৰ্ণকালীন সভাপতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। কিয়নো যিগৰাকীক স্থায়ী তথা পূৰ্ণকালীন সভাপতি নিয়োগ কৰা হ'ব সেই কথা এ আই চি চিয়েহে ঘোষণা কৰিব।

উল্লেখ্য যে, ১০ নৱেম্বৰৰ দিনা দলীয় নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ কংগ্ৰেছ দল ত্যাগ কৰিছিল সুৰেশ বৰাই। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ ঘনিষ্ঠ সুৰেশ বৰাই পদত্যাগ কৰাৰ পিছৰে পৰা জিলা সভাপতিৰ পদটো খালী হৈ আছিল। জিলাখনৰ বৰ্তমানৰ কাম-কাজ সুচাৰু ৰূপে চলাই নিয়াৰ বাবে শইকীয়াক এই দায়িত্ব দিয়া হৈছে।

উল্লেখ্য যে, শুকুৰবাৰে সুৰেশ বৰাই তেওঁৰ ইটাচালি বাসভৱনত সমষ্টিটোৰ সকলো নেতা কৰ্মীৰ উপস্থিতিত দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল ৷ কংগ্ৰেছ ত্যাগ কৰিয়ে সুৰেশ বৰাই মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল।