নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে উদ্ধাৰ কৰিলে মানসিক বিকাৰগ্ৰস্থ মহিলা আৰু শিশু... 
নগাঁও

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে উদ্ধাৰ কৰিলে মানসিক বিকাৰগ্ৰস্থ মহিলা আৰু শিশু...

Asomiya Pratidin

ডিজিটেল সংবাদ বেবেজীয়াঃ অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ সদস্য সচিব ৰত্নদ্বীপ ভট্টাচাৰ্য আৰু উপ-সচিব প্ৰণিতা মৰাঙৰ এক নিৰ্দেশনা মৰ্মে আজি নগাঁও জিলাৰ ৰহা দীঘলিআটি কামগাঁৱৰ পৰা নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা মুনমী নেওঁগৰ লগত যোৱা এটি সজাতি দলে উদ্ধাৰকৰে এগৰাকী বিবাহিত মহিলাৰ লগতে এটি দুবছৰীয়া শিশু। ৰহা আৰক্ষীৰ সহযোগত যোৱা সজাতি দলটিত নগাঁৱৰ আইন সেৱা প্ৰাধীকাৰীৰ কেইবাগৰাকীও অৰ্ধ আইনী সহায়কে ৰহা কামগাঁৱৰ অৰ্ধআইনী সহায়ক খগেন ডেকাৰ গৃহত আশ্ৰয় লৈ থকা প্ৰতিভা দাস (৩০) নামৰ মহিলাগৰাকীৰ লগতে তেওঁৰে কন্যা শিশুটিক উদ্ধাৰ কৰি নগাঁৱৰ গ্ৰাম বিকাশ পৰিষদৰ তত্বাৱধানত চলি থকা চকিটুপস্থিত শ্ৰদ্ধাগৃহত ৰখাৰ ব্যৱস্থা কৰে ৷

জানিব পৰা মতে, মহিলাগৰাকী এগৰাকী মানসিক বিকাৰগ্ৰস্ত ৰোগী ৷ আজিৰ পৰা চাৰিবছৰ আগতে প্ৰতিভা দাসক তেতিয়াৰ নগাঁও জিলা আইন সেৱা প্ৰাধীকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে ৰহাৰ পৰা উদ্ধাৰ কৰি নগাঁৱৰ শ্ৰদ্ধাগৃহত থকাৰ সুব্যৱস্থা কৰি দিছিল আৰু তেতিয়াৰ পৰা মহিলাগৰাকী শ্ৰদ্ধাগৃহতে আশ্ৰয় লৈ আছিল যদিও আজি কিছুদিন পূৰ্বে শ্ৰদ্ধাগৃহৰ পৰা মহিলাগৰাকী তেওঁৰ কন্যা শিশুটিৰ লগত নিৰুদ্দেশ হোৱাৰ পাছত পুনৰ ৰহা কামগাঁৱৰ খগেন ডেকাৰ গৃহতে অৱস্থিত মনসা মন্দিৰত আশ্ৰয় লয়হি ৷

আজি পোন্ধৰ দিনমান খগেন ডেকাই মহিলাগৰাকী আৰু শিশুটিক তেওঁৰ গৃহৰ মনসা মন্দিৰ সন্মুখতে থকাৰ ব্যৱস্থা কৰি দিয়ে আৰু খোৱা-বোৱাৰ সকলো দায়িত্ব পালন কৰে। অৱশেষত ৰহাৰ জ্যেষ্ঠ সাংবাদিক ভৱজ্যোতি ডেকা আৰু অৰ্ধ আইনী সহায়ক খগেন ডেকাই ৰাজ্যিক আইন সেৱা প্ৰাধীকাৰীৰ উপ সচিব তথা নগাঁও জিলা আইন সেৱা প্ৰাধীকাৰীৰ পূৰ্বৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ লগত ফোনযোগে যোগাযোগ কৰাত মহিলাগৰাকীক আইন সেৱা প্ৰাধীকাৰী সম্পাদিকা মুনমী নেওঁগে খগেন ডেকাৰ ৰহা কামগাঁৱৰ গৃহৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷