নগাঁও

নগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলা সাহিত্য সভাই ইতিমধ্যে সোণালী জয়ন্তী অতিক্ৰম কৰি এইবেলি ৫২ সংখ্যক বৰ্ষত উপনীত হৈছে। তদুপলক্ষে মঙলবাৰে জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসটি নগাঁও সাহিত্য সভাৰ সহযোগত নগাঁও সাংস্কৃতিক প্রকল্পত অনুষ্ঠিত হয় ৷ কাৰ্যসূচী অনুসৰি পুৱা ৯বজাত জিলা সভাৰ সভাপতি থগিত মহন্তই মূল পতাকা উত্তোলন কৰাৰ লগে লগে বিশিষ্ট ব্যক্তিসকলে ৫১ খন পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে জিলাৰ উপ-সভাপতি উপেন চন্দ্ৰ বৰা প্ৰমুখ্যে ৫১গৰাকী বিশিষ্ট ব্যক্তি আৰু জিলা সাহিত্য সভাৰ কর্মকর্তা তথা শুভাকাংক্ষীয়ে বন্তি প্রজ্বলনত অংশগ্রহণ কৰে ৷

এই উপলক্ষে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পুৰণিগুদাম শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সমাজকর্মী পুলিন হাজৰিকাই ৷ জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা আৰু নগাঁও সাহিত্য সভাৰ সম্পাদক সমীৰ কুমাৰ মহন্তই আঁত ধৰা আৰু জিলাৰ পত্ৰিকা সম্পাদক পাপুল বৰাই উদ্দেশ্য বাখ্যা কৰা মুকলি সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে কলিয়াবৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সাহিত্যিক, প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা আৰু নগাঁও জিলা সাহিত্য সভাৰ একালৰ দুটি বৰ্ষৰ সম্পাদক, উপ-সভাপতি জীৱন শইকীয়াই ৷

নগাঁও জিলা সাহিত্য সভাৰ মুকলি সভাতে সদ্য ঘোষিত অসম চৰকাৰৰ সাংবাদিক পেঞ্চন লাভ কৰা জিলা সাহিত্য সভাৰ প্ৰচাৰ উপ-সমিতিৰ কাৰ্যকৰী সভাপতি কনক হাজৰিকাক সম্বর্ধনা জনোৱাৰ লগতে বিশিষ্ট সমাজ কৰ্মী বিজয় কুমাৰ মংগোলুনীয়াক ৰেৱতী মোহন সাহা সোঁৱৰণি 'মোহন সাহা সমন্বয় বঁটা' প্রদান কৰা হয় ৷ সভাত উপস্থিত থাকি নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নিজৰ শুভেচ্ছামূলক বক্তব্যত ছাত্ৰছাত্ৰীৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাত গুৰুত্ব দিবলৈ সকলোকে আহ্বান জনায় ৷ এই ক্ষেত্ৰত চৰকাৰে আন্তঃগাঁথনিৰ সুবিধা কৰি দিব বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে৷ কিন্তু কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ দায়িত্ব শিক্ষক সমাজ, অভিভাৱক আৰু সাহিত্য সভাৰ লগত জড়িত ব্যক্তিসকলে ল’ব লাগিব৷

তেওঁ নগাঁও জিলাত থকা বহুকেইখন সেতুৰ নাম বৰণ্য নগঞা ব্যক্তিসকলৰ নামেৰে নামাকৰণৰ বাবে নগাঁও জিলা সাহিত্য সভাক দায়িত্ব দিয়ে ৷ বিশিষ্ট অতিথিৰ আসনৰ পৰা প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই অসম সাহিত্য সভাৰ জন্মলগ্নৰ ইতিহাসৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক সময়ত অসমীয়া ভাষালৈ নামি অহা বিভিন্ন প্ৰত্যাহ্বানৰ কথাখিনি সামৰি এক মননশীল ব্যক্তব্য ৰাখে ৷ তেওঁ নগাঁও জিলা সাহিত্য সভাক অসমীয়া ভাষাক আকোঁৱালি লোৱা সংখ্যালঘু প্ৰধান এলেকাত সভা সমিতি অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়৷ আনগৰাকী আমন্ত্ৰিত বিশিষ্ট অতিথি জীৱন শইকীয়াই অসমীয়া মানুহৰ ভাষা সাহিত্যৰ প্ৰতি বাঢ়ি অহা অনিহাৰ বাবে গভীৰ আক্ষেপ প্ৰকাশ কৰে ৷

সভাত মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়ায়ো বক্তব্য ৰাখে ৷ সভাৰ সভাপতিৰ আসনৰ পৰা জিলা সভাপতি থগিত মহন্তই সকলোকে ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনায় আৰু জিলা সাহিত্য সভাই কৰি থকা আৰু আগন্তুক সময়ত কৰিবলৈ বিছৰা কামকাজ সমূহৰ ওপৰত আলোকপাত কৰে ৷

অনুষ্ঠানটোত অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক পদুম ৰাজখোৱা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, অসম সাহিত্য সভাৰ বাৰপুজীয়া বিশেষ অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি বিৰিঞ্চি শৰ্মা, সম্পাদক প্ৰদীপ কুমাৰ ডেকা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় পৰাণ কুমাৰ বৰুৱা, নিত্যানন্দ বৰা, প্ৰাক্তন উপসভাপতি ভৱেশ মেধি, নগাঁও মহাবিদ্যালয় প্ৰাক্তন অধ্যক্ষ ড° শৰৎ বৰকটকী, অসম সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আবুল খায়েৰ আহমেদ উপস্থিত থাকে।

ইয়াৰোপৰি সভাত প্ৰাক্তন সহকাৰী সম্পাদক মৃণাল হাজৰিকা, সাংগঠনিক সম্পাদক বিণু লস্কৰ ঠাকুৰীয়া, ব্যৱসায়ী কাৰ্তিক সাহা, ব্ৰজেন কাকতি, কবি প্ৰদীপ শইকীয়া, জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক ৰাজীৱ হাজৰিকা ,কাৰ্যনিৰ্বাহক নবীন বৰঠাকুৰ, জগত মেধি, প্ৰচাৰ কোষৰ আহ্বায়কদ্বয় কল্যাণ কুমাৰ বৰা, মিন্টু দাস , বসন্ত দুৱৰা, প্ৰিয়ঙ্কু শৰ্মা, আৰতি মজুমদাৰ, প্ৰতিভা দেৱী, জেউতি হাজৰিকা, ড° কৰৱী দেৱী, নিজৰা শইকীয়া , হেলেন পণ্ডিত, দীপা পণ্ডিত, বীনা বৰুৱা জয়ন্তী বৰা আদি উপস্থিত থাকে ৷ মুকলি সভাৰ আৰম্ভণিতে বৰগীত পৰিবেশন কৰে দিপাংক গিৰি দেৱগোস্বামী আৰু সুগন্ধা গোস্বামীয়ে ৷