নগাঁও

চোৰৰ চকু এইবাৰ মছজিদৰ দানপাত্রতঃ দানপাত্র ভাঙি লুটি নিলে ধন

Asomiya Pratidin
  • নগাঁৱৰ কচুৱাৰ জুৰিৰপাৰত সংঘটিত হৈছে আজৱ ঘটনা।

  • কচুৱাৰ জুৰিৰপাৰত মছজিদৰ দানপাত্র ভাঙি চুৰে লুটি নিলে নগদ ধন।

  • গাঁওখনৰ দুটাকৈ মছজিদৰ দানপাত্র ভাঙি নিশা চুৰে চুৰি কৰি নিয়ে প্ৰায় ২০হাজাৰকৈ টকা।

  • পুৱা স্থানীয় লোকে মছজিদৰ দানপাত্র ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে।

  • পূূৰ্বেও সঘনাই গাঁওখনত চুৰে সংঘটিত কৰি আহিছে চুৰিকাণ্ড।

  • মছজিদৰ দানপাত্রত চুৰিকাণ্ডৰ ঘটনাই অঞ্চল জুৰি তীব্ৰ প্রতিক্রিয়াৰ সৃষ্টি হৈছে।