নগাঁও

নগাঁও-কাৰ্বি আংলং জিলা সংযোগী পথৰ দুৰৱস্থা

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰ : নগাঁও-কাৰ্বি আংলং জিলা সংযোগী এটা পথৰ দুৰৱস্থাই উদঙাইছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উন্নয়নৰ স্বৰূপ। পাহাৰীয়া পানীৰ ঢলে পুনৰ ভাঙিলে নগাওঁ-কাৰ্বি আংলং জিলা সংযোগী দংপং জুৰিৰ একমাত্ৰ যোগাযোগৰ পথটো।

চিঙা পথচোৱাত তামোল গছৰে সাঁকো সাজি বিপদসংকুল যাত্ৰা অব্যাহত আছে নগাঁও-কাৰ্বি আংলঙৰ বৃহত্তৰ অঞ্চলৰ লোকৰ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত চচেন ধেণ্টা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দংপং জুৰিৰ পথটো পাহাৰৰ পৰা নামি অহা ঢলে উটুৱাই নিয়াত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজ।

উল্লেখ্য যে কলিয়াবৰ কুঠৰীৰ সমীপৱৰ্তী কাৰ্বি আংলংৰ দংপং জুৰিত ২০০৪ চনত নিৰ্মাণ কৰা হৈছিল এখন দলং। কিন্তু দলংখনৰ নিৰ্মাণৰ বিসংগতিৰ বাবেই অসুবিধাৰ সন্মুখীন হৈ আহিছে দুয়োখন জিলাৰ লোকসকলে।

ছাত্ৰ-ছাত্ৰী, চাহ বাগিচাত কাম কৰিবলৈ যোৱা শ্ৰমিকৰ লগতে দংপং জুৰিৰ শতাধিক লোকে পথচোৱাৰ দুৰৱস্থাৰ বাবেই যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। উল্লেখ্য যে দংপং জুৰিৰ তিনিখনকৈ বিদ্যালয়ত পাঠ গ্ৰহণ কৰে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে।

ইয়াৰে প্ৰায় সত্তৰ শতাংশ ছাত্ৰ- ছাত্ৰীয়ে হৈছে নগাওঁ জিলাৰ কলিয়াবৰ মহকুমাৰ। ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক সকলো অহা যোৱাৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হৈ আহিছে পথচোৱাৰ দুৰৱস্থাৰ বাবেই।

পথছোৱা পুনৰ নিৰ্মাণ কৰিবলৈ পাহাৰীয়া জিলাখনৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে স্থানীয় লোকসকলে।