নগাওঁ শাখা লেখিকা সমাৰোহ সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশনখন সম্পন্ন... 
নগাঁও

নগাওঁ শাখা লেখিকা সমাৰোহ সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশনখন সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাওঁঃ সোমবাৰে নগাওঁ শাখা লেখিকা সমাৰোহ সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশনখনি আড়ম্বৰপূৰ্ণভাৱে সম্পন্ন হৈ যায়। পুৱা ১০-৩০ বজাত সমিতিৰ সভানেত্ৰী দীপা বৰুৱাই পতাকা উত্তোলন কৰে।

ইয়াৰ পাছতে দিনৰ ১১ বজাত “চিৰচেনেহী মোৰ ভাষা জননী” সমবেত সঙ্গীত পৰিৱেশন কৰা হয়। সমিতিৰ স্হায়ী সভানেত্ৰী দীপা বৰুৱাই মুকলি সভাৰ সভানেত্ৰীৰ আসন গ্ৰহণৰ পাছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখাৰ সম্পাদিকা দীপান্বিতা বৰুৱাই ।

আজিৰ সভাত নগাওঁ লেখিকা সমাৰোহ সমিতিৰ দ্বি-বাৰ্ষিক পত্ৰিকা “শতৰূপা”উন্মোচন কৰা হয় ।উন্মোচক নগাওঁ উচ্চতৰ মাধ্যামিক বালিকা বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা অলকা দজবৰঠাকুৰ ।

উন্মোচনী ভাষণত তেখেতে কয় যে, নগাওঁ শাখাৰ কামকাজবোৰ দেখি বৰ আনন্দ পাইছোঁ।সুন্দৰ বেটুপাত আৰু সুন্দৰ গল্প , প্ৰবন্ধ , কবিতাৰে শতৰূপাখন সুন্দৰ হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

সমিতিৰ নিজা কাৰ্যালয় দেখি তেখেত অতি সুখী হয়। উন্মোচকৰ একাষাৰত তেখেতে কয়, Lord is a power of love।জীৱন ক্ষণস্হায়ী। গতিকে সদায় সৎকৰ্ম কৰি যাব লাগে ।

আজিৰ অনুষ্ঠানত কেইবাগৰাকী জেষ্ঠা সদস্যা ক্ৰমান্বয়ে ৰেনু দেৱী, অলকা বৰঠাকুৰক সম্বৰ্ধনা জনোৱা হয় । সভাত উপস্হিত থকা মুখ্য উপদেষ্টা আভা বৰা, ড০ থুনু কলিতা , সাবিত্ৰী গগৈ ,বীনা শৰ্মা ,ঊৰ্মিলা বৰুৱাকো একোখনি গামোচাৰে সন্মান জনোৱা হয় ।

অনুষ্ঠানটিত বহু কেইগৰাকী সদস্যাই অনুগল্প পাঠ কৰে।সভাত কবিতা পাঠ কৰে ঊৰ্মিলা বৰুৱা আৰু অমৃতপ্ৰভা সুতে।কবিতা আবৃত্তি কৰে বুলু বৰুৱাই । প্ৰতিটো কাৰ্যসূচীৰ অন্তত সভানেত্ৰীয়ে একোটা সুন্দৰ মন্তব্য আগবঢায় ।

সভাত ড০ থুনু কলিতা আৰু ৰ’জলীন জাহানে নগাওঁ শাখাৰ কামকাজৰ শলাগ লয় ।আজিৰ সভাত গীতা কলিতা ,বন্তী গোস্বামী বৰা,জোনাকী বৰ্মন ,ইলোৰা বৰুৱা আদি লেখিকাসকল উপস্হিত থাকে ।

'শতৰূপা'ৰ সম্পাদিকা প্ৰিয়ম্বদা শইকীয়া বৰাই 'শতৰূপা' সম্পাদনা কৰোতে হোৱা অভিজ্ঞতা ব্যক্ত কৰি সদস্যাসকলৰ সহাৰিৰ শলাগ লয় । এই দ্বি-বাৰ্ষিক অধিবেশনতে পুৰণি সমিতি ভংগ কৰি এখন নতুন সমিতি গঠন কৰা হয় ।

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন প্ৰধান সম্পাদিকা ড০ থুনু কলিতাক সভানেত্ৰী মনোনীত কৰি প্ৰিয়ম্বদা শইকীয়া বৰাক সম্পাদিকা, ড০ স্বপ্না নেওগ বৰাক যুটীয়া সম্পাদিকা, ঊৰ্মিলা বৰুৱাক কাৰ্যকৰী সভানেত্ৰী আৰু দীপান্বিতা বৰুৱাক সাংস্কৃতিক সম্পাদিকাৰ দায়িত্ব দি সমিতিখন গঠন কৰা হয় । শেষত জাতীয় সঙ্গীতেৰে সভা ভঙ্গ কৰা হয় ।