আকৌ গৰজিল নগাওঁ আৰক্ষীৰ মাৰণাস্ত্ৰঃ গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ী... 
নগাঁও

আকৌ গৰজিল নগাওঁ আৰক্ষীৰ মাৰণাস্ত্ৰঃ গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ ড্ৰাগছ ব্যৱসায়ীক লক্ষ্য কৰি আৰক্ষীয়ে চলালে গুলী। এইবাৰ স্থান নগাঁৱৰ ৰূপহীহাট। আৰক্ষীৰ গুলীত আহত হ’ল এজন ড্ৰাগছ মাফিয়া।

আহত ড্ৰাগছ মাফিয়াটোৰ নাম ৰমিজুল ইছলাম। দীৰ্ঘদিন ধৰি ৰমিজুল ইছলাম ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আছিল।

দেওবাৰে আৰক্ষীয়ে আৰক্ষীয়ে এক গোপন সূত্ৰ পম খেদি ৰূপহীহাটত এক অভিযান চলায়। এই অভিযানৰ সময়তে বৰতলৰ পৰা ৰমিজুলক আৰক্ষীয়ে আটক কৰে।

তেওঁৰ পৰা জব্দ কৰে ৭৫ টা ড্ৰাগছ ভৰ্তি কেণ্টেইনাৰ। ইয়াৰ পাছতে আৰক্ষীয়ে ৰমিজুলক লগত লৈ আৰক্ষী থানালৈ গৈ থকাৰ অৱস্থাতে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰে।

ফলত আৰক্ষীয়ে তেওঁৰ ভৰিত গুলীয়াবলৈ বাধ্য হয়। ইয়াৰ পাছতে গুলীবিদ্ধ ৰমিজুলক সোমবাৰে পুৱাই নগাঁৱৰ পৰা তেজপুৰস্থিত টাইমছ হাস্পতাললৈ প্ৰেৰণ কৰে।