কচুৱাৰ লটাৰি সম্ৰাট, স্বয়ম্ভু সাংবাদিক ইমৰাণ হুছেইন সহ দুজনক গ্ৰেপ্তাৰ... 
নগাঁও

কচুৱাৰ লটাৰি সম্ৰাট, স্বয়ম্ভু সাংবাদিক ইমৰাণ হুছেইন সহ দুজনক গ্ৰেপ্তাৰ...

৩ দিনৰ বাবে আৰক্ষীয়ে ল'লে নিজৰ জিম্মাত

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰ: সোমবাৰে নিশা কচুৱা আৰক্ষীয়ে এক জোৰদাৰ অভিযান চলাই পলাতক লটাৰি মাফিয়া তথা স্বয়ম্ভু সাংবাদিকসহ দুই যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰেছ লিখা এখন ৱেগনৰ গাড়ী জব্দ কৰে ৷ চানখোলা গাঁৱৰ ধৃত ইমৰাণ হুছেইন আৰু কচুৱা কান্দাপাৰা গাঁৱৰ ধৃত আক্ৰামুল হুছেইনে এখন উপহাৰ কুপন খেল অনুষ্ঠিত কৰি বিগত এমাহ ধৰি পলাই ফুৰিছিল ৷

নলবাৰীৰ ৰেজাউল আহমেদে নগাওঁ আৰক্ষী অধীক্ষকক দিয়া এজাহাৰৰ ভিত্তিত কচুৱা আৰক্ষীয়ে নিশা দুয়োকে গ্ৰেপ্তাৰ কৰিছে। ৯১/২৪ নম্বৰ গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা 61(2)(এ)/316(2)/318(4) অধীনত তিনিওকে গ্ৰেপ্তাৰ কৰাৰ পাছত আজি ন্যায়ালয়ত হাজিৰ কৰাই আৰু তিনি দিনৰ বাবে নিজৰ জিম্মাত লয়।

ধৃত ইমৰান হুছেইন বহুদিনৰ পৰা লটাৰি খেলসমূহৰ জৰিয়তে কৰি আহিছিল বহু কেলেংকাৰী ৷ আনকি নিজৰ নামত ফেচবুকত এটা পেইজ খুলি নিজৰ বাহনত প্ৰেছ লিখিও সাংবাদিকৰ ৰূপ ধাৰণ কৰিছিল।