নগাঁও

নগাঁৱত আৰক্ষীৰ অভিযানঃ জব্দ ১ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ, আটক

Asomiya Pratidin
  • নগাঁৱৰ কঠীয়াতলীত আৰক্ষীৰ অভিযান।

  • গোপন সূত্ৰৰ পম খেদি কঠীয়াতলী পহৰাচকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভিকু বৰ্মনৰ নেতৃত্বত চলিছিল এই অভিযান।

  • অভিযানত ১৫টা চাবোনৰ বাকচত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।

  • লগতে ৩জনক আটক কৰিছে আৰক্ষীয়ে।

  • আটকাধীন লোককেইজন ক্ৰমে মইজুল ইছলাম (কদমনিপথাৰ, জুৰিয়া), দিলদাৰ হুছেইন (জুৰিয়া), মুফাচেল আলম (বালিজান, জুৰিয়া)।

  • লোককেইজনে এ এছ ০৪ টি ৮৮১৮ নম্বৰৰ এখন বাহনৰে ডিমাপুৰৰ পৰা ড্ৰাগছখিনি কঢ়িয়াই নিছিল।

  • আৰক্ষীয়ে তিনিওজনৰ সোধা-পোছা অব্যাহত ৰাখিছে।

  • উল্লেখ্য জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য ১কোটিৰো অধিক হ'ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে।