নগাঁও

বৰ্ধিত পৌৰকৰক লৈ নগাঁওত নাগৰিক সভা!

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও: সংশোধিত পৌৰ কৰক কেন্দ্ৰ কৰি বিগত কিছুদিন ধৰি নগাঁও পৌৰসভা এলেকাৰ আবাসী সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে । সেই সন্দৰ্ভত নগাঁও উকীল সন্থাৰ উদ্যোগত উকীল সন্থাৰ কাৰ্যালয়ত নগাঁও পৌৰসভা কৰ্তৃপক্ষই নতুনকৈ নিৰ্ধাৰণ কৰিব বিচৰা পৌৰসভাৰ মাচুল সন্দৰ্ভত নাগৰিক সভা অনুষ্ঠিত হৈছিল। সেই একেই বিষয়ত শণিবাৰে পুনৰ নগাঁও সাংস্কৃতিক প্ৰকল্পত নগাঁৱৰ নগাৰিক সকলৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত হয় ।

বিশিষ্ট শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: খৰ্গেশ্বৰ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত নাগৰিক সভাখনত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। বিধায়ক শৰ্মাই বিগত ৪০ বছৰে নগাঁও পৌৰসভা কৰ্তৃপক্ষই নগাঁও পৌৰ এলেকাৰ নাগৰিকৰ গৃহ কৰ সংশোধন অথবা গৃহ আদিৰ জোখ-মাখ নিয়মীয়া নকৰাত আক্ষেপ প্ৰকাশ কৰে। তেওঁ কয় যে নগাঁও পৌৰসভা এলেকাত থকা প্ৰায় কুৰি হেজাৰ বাসগৃহৰ ৪০ শতাংশ লোকেহে নিৰ্ধাৰিত হাৰত পৌৰকৰ পৰিশোধ কৰি আহিছে । আৰু বাকী ৬০ শতাংশ লোকৰ বাসগৃহৰ সঠিকভাৱে জোখ-মাখ নোহোৱাৰ লগতে বহু লোকে নূন্যতম পৰিমাণৰ পৌৰকৰ পৰিশোধ কৰি আহিছে।

এইসকলৰ মাজৰে একাংশ লোকৰ বাসগৃহ পৌৰকৰ আৰোপৰ বাবে জোখ-মাখ নোহোৱাকৈও আছে। এনে পৰিস্থিতিত নগাঁও পৌৰসভা আৰ্থিক সংকটৰ সন্মুখীন হ'ব লগা হৈছে। সেয়ে বৰ্তমান পৌৰসভা এলেকাভুক্ত নাগৰিকৰ বাসগৃহ আদিৰ সংশোধিত জোখ-মাখৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আনহাতে নতুনকৈ আৰোপ কৰিব বিচৰা পৌৰকৰ সন্দৰ্ভত ৰাইজক আশ্বস্ত হ'বৰ বাবে আহ্বান জনাই বিধায়ক শৰ্মাই কয় যে নিয়মীয়া জোখ-মাখৰ জৰিয়তে বৰ্তমান নাগৰিকসকলে যি হাৰত পৌৰকৰ আদায় দি আহিছে তাৰ তুলনাত অতি বেছি ১০ শতাংশ পৌৰকৰহে বৃদ্ধি হ'ব পাৰে ।

উল্লেখ্য যে, নগাঁও পৌৰসভাই কিছুদিন পূৰ্বে পৌৰসভাৰ আবাসী সকলৰ মাচুল নিৰিখ কৰি প্ৰকাশ কৰা খচৰা খনৰ বিষয়ে পৌৰসভাৰ আবাসী সকল অৱগত হোৱাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত উক্ত তালিকাখনত কিছু ক্ৰুটীপূৰ্ণ হোৱা বুলি নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সংবাদ মাধ্যমৰ জৰিয়তে পৌৰসভাৰ আবাসী সকলক অৱগত কৰে। আৰু ইতিমধ্যেই পৌৰসভাৰ উক্ত মাচুল নিৰিখৰ খচৰা খন নাকচ কৰা হয়।

আনহাতে বিধায়ক ৰূপক শৰ্মাই নাগৰিক সভাখনত অংশগ্ৰহণ কৰি নাগৰিক সকলৰ লগত বৰ্ধিত পৌৰকৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে অতি বেছি ১০ শতাংশ পৌৰসভাৰ গৃহকৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰাত সভাত উপস্থিত নাগৰিক সকল আশ্বস্ত হয়। ইপিনে নগাঁও পৌৰসভাৰ আন আন গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কতো নাগৰিক সভাখনত বিশদ ভাবে আলোচনা কৰা হয়।

নাগৰিক সভাখনত বিধায়ক ৰূপক শৰ্মাৰ লগতে বিশিষ্ট আইনজীৱী আলোক গোস্বামী, নগাঁও উকীল সন্থাৰ সভাপতি আবুল হাছিম খণ্ডকাৰ, সম্পাদক অজিত বৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক বিপুল কটকী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপৰি বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু নাগৰিক সকল উপস্থিত থাকে। নাগৰিক সভাখনৰ আঁত ধৰে সমাজ কৰ্মী পৰাণ মহন্তই।