নগাঁও

নগাঁও প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিৱেশন...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিৱেশন শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। এই উপলক্ষে নগাঁও চহৰৰ নতুন বজাৰস্থিত নগাঁও প্ৰেছ ক্লাব চৌহদত শনিবাৰে পুৱা পতাকা উত্তোলন কৰে নগাঁও প্ৰেছ ক্লাবৰ সভাপতি যাদৱ শইকীয়াই।

ইয়াৰ পাছতে নগাঁও প্ৰেছ ক্লাবৰ সমূহ বিষববীয়া আৰু সদস্যই প্ৰয়াত সাংবাদিকসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। আনহাতে নগাঁও প্ৰেছ ক্লাবৰ সভাপতি যাদৱ শইকীয়াৰ সভাপতিত্বত ডঃ আবু হানিফা সভাকক্ষত অনুষ্ঠিত মুকলি সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ পৰিবহন, মীন আৰু আবকাৰি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই অসমৰ সংবাদ জগতত নগঞা সাংবাদিকৰ অৱদানৰ বিষয়ে উল্লেখ কৰি কয় যে নগাঁৱৰ সাংবাদিকসকলে জিলাখনৰ বিভিন্ন ঘটনাৱলীক সঠিক ৰূপত জনসাধাৰণৰ সন্মুখত দাঙি ধৰাত সফল হৈছে। আনহাতে সাংবাদিক সকলে সমাজ এখনক সঠিক পথত আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা বুলি মন্তব্য কৰে।

মন্ত্ৰী কেশৱ মহন্তই লগতে কয় যে যিকোনো বিষয়ত মানুহক প্ৰকৃত সিদ্ধান্ত ল'বৰ বাবে সংবাদ মাধ্যমে সঠিক পথৰ সন্ধান দিয়ে। মন্ত্ৰীগৰাকীয়ে নগাঁও প্ৰেছ ক্লাবৰ দ্বিতীয় মহলাৰ এটি গৃহ নিৰ্মাণত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সভাত নগাঁও প্ৰেছ ক্লাবৰ মুখপত্র 'পত্ৰিকা' উন্মোচন কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শর্মাই ।

বিধায়ক ৰূপক শর্মাই দীৰ্ঘদিন ধৰি সাংবাদিকসকলৰ লগত থকা সু-সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি সাম্প্ৰতিক সময়ত বাতৰি কাকতৰ বিক্ৰীৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস পালেও বাতৰি কাকতৰ গুৰুত্ব আৰু গৰিমা অটুট থকা বুলি মন্তব্য কৰে। বিধায়ক শৰ্মাই নগাঁও প্ৰেছ ক্লাবত প্ৰয়াত দুৰ্গেশ্বৰ বৰাৰ স্মৃতিত তেওঁৰ পুত্ৰই নিৰ্মাণ কৰা এখনি তোৰণো উদ্বোধন কৰে।

নগাঁও প্ৰেছ ক্লাবৰ সম্পাদক অজিত শইকীয়াই আঁত ধৰা মুকলি সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে সংবাদ মাধ্যমৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। তেওঁ বৰ্তমান সময়ত সামাজিক মাধ্যমৰ বহুল প্ৰচাৰে সংবাদ মাধ্যমৰ ওপৰত বিৰূপ প্রভাৱ পেলোৱা বুলি মন্তব্য কৰে।

আনহাতে ৰাজনৈতিক ক্ষেত্ৰখনত সামাজিক মাধ্যমৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি সাংবাদিক ৰাজগুৰুৱে বিগত কেইবাটাও নিৰ্বাচনত সামাজিক মাধ্যমে নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰা বুলিও কয়। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি আন এগৰাকী বিশিষ্ট সাংবাদিক পৰাগমণি আদিত্যই সামাজিক মাধ্যমৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি সামাজিক মাধ্যমক যোগাত্মক দিশত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

সাংবাদিক পৰাগমণি আদিত্যই দেশৰ অন্যান্য প্ৰান্তৰ তুলনাত অসমৰ সংবাদ মাধ্যমে অধিক ৰূপত সামাজিক দায়বদ্ধতা ৰক্ষা কৰি অহাৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে অসমৰ সংবাদ মাধ্যমে আজিও ক্ষুদ্ৰাদি ক্ষুদ্ৰ ব্যক্তিকেন্দ্ৰিক অন্যায় অবিচাৰৰ বিৰুদ্ধে মাত মাতি আহিছে।

মুকলি সভাত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বৰ্তমান সময়ত ডিজিটেল মিডিয়াই মানুহৰ মন মগজু নিয়ন্ত্ৰণ কৰা বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে ডিজিটেল মিডিয়াৰ এপ ব্যৱহাৰৰ বাবে বহু সময়ত মানুহক হতাশগ্ৰস্ত হোৱা দেখা যায়। মুকলি সভাত নগাঁও প্ৰেছ ক্লাবৰ সদস্য তথা আঠ গৰাকী জ্যেষ্ঠ সাংবাদিক ক্ৰমে মুৰুলী বৰুৱা, ফাইজুৰ ৰহমান, ছফিকুৰ ৰহমান, হৰেশ্বৰ বৰা, ৰবীন্দ্ৰ শ্বাহ, তপন কুমাৰ বৰা, চন্দনজ্যোতি বৰা আৰু জয়প্ৰকাশ সিঙক নগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

আনহাতে চলিত বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা নগাঁও প্ৰেছ ক্লাবৰ সদস্য তথা তিনি সাংবাদিকৰ সন্তানক নগাঁও প্ৰেছ ক্লাবে অভিনন্দন জ্ঞাপন কৰে । মুকলি সভাৰ আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰে নগাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা ড: কৰবী দেৱীয়ে।

আনহাতে সভাত গীতিকাৰ ধৰ্মপ্ৰসাদ গোস্বামীৰ ৰচনা পৰিচালনাত 'চতুৰ্থ স্তম্ভ' শীৰ্ষক এটি সমবেত সংগীত পৰিৱেশন কৰা হয়। মুকলি সভাত নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা, প্ৰেছ ক্লাবৰ উপদেষ্টা কনক হাজৰিকা সহ বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। আনহাতে কাইলৈ নগাঁও প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক সাধাৰণ সভা আৰু বিষয় বাছনি সভা অনুষ্ঠিত হব।