নগাঁও

নগাঁ‌ৱত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ

মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ...

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁ‌ওঃ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁ‌ও জিলা সমিতিয়ে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে।

পৰিষদৰ নগাঁ‌ও জিলাৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু সাধাৰণ সম্পাদক দেৱাৰ্শীষ দাসে কয় যে, অসম চৰকাৰৰ অধীনৰ বিদ্যুৎ বিভাগে (APDCL) অসমৰ বিদ্যুৎ গ্ৰাহক সকলৰ ঘৰে ঘৰে সংস্থাপন কৰা স্মাৰ্ট মিটাৰত অহা বিদ্যুৎ মাচুলে অসমৰ ৰাইজক আৰ্থিকভাৱে জুৰুলা কৰাৰ উপক্ৰম কৰিছে। বিদ্যুৎ বিভাগে সংস্থাপন কৰা স্মাৰ্ট মিটাৰত বিদ্যুৎ উপভোক্তাই ব্যয় কৰা বিদ্যুতৰ বিপৰীতে বহুগুণ অধিক বিদ্যুৎ মাচুল ভৰিব লগা হৈছে।

লগতে কয় যে, বহু উপভোক্তাৰ ব্যয় কৰা বিদ্যুতৰ বিপৰীতে ১০০ গুণতকৈও অধিক মাচুল আহিছে। তদুপৰি বিদ্যুৎ বিভাগে বহিৰাগত কোম্পানীৰ পৰা ক্ৰয় কৰা স্মাৰ্ট মিটাৰ সমূহতো নানা বিসংগতি ধৰা পৰিছে। মুঠতে বিদ্যুৎ বিভাগে সংস্থাপন কৰা স্মাৰ্ট মিটাৰৰ বাবে সম্প্ৰতি অসমৰ মধ্যবিত্ত, নিম্ন মধ্যবিত্ত আৰু দুখীয়া ৰাইজ আৰ্থিক শোষণৰ বলি হৈছে।

ইতিমধ্যে ৰাজ্যজুৰি স্মাৰ্ট মিটাৰ বন্ধ কৰা বা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰ্বত্ৰে ৰাইজৰ প্ৰতিবাদ আৰম্ভ হৈছে। অসমৰ সকলো স্তৰৰ ৰাইজে স্মাৰ্ট মিটাৰ কেতিয়াও গ্ৰহণ নকৰে এই কথা ইতিমধ্যে স্পষ্ট হৈছে। কিন্তু পৰিতাপৰ বিষয় যে চৰকাৰে অসমৰ ৰাইজৰ মতামতক নস্যাৎ কৰি বিদ্যুৎ গ্ৰাহকৰ বাবে স্মাৰ্ট মিটাৰৰ ব্যৱস্থা বাহাল ৰাখিছে। এয়া জনগণৰ দ্বাৰা নিৰ্বাচিত এখন চৰকাৰে জনমতক উপেক্ষা কৰাৰ এক অন্যতম উদাহৰণ।

সেয়েহে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আৰ্থিক শোষণৰ প্ৰতিবাদত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰি স্মাৰক পত্ৰ প্ৰেৰণৰ জৰিয়তে অসমৰ পৰা অনতিবিলম্বে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী জনায়।

অন্যথা অনাগত সময়ত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত সংগঠনটোৱে অসমৰ ৰাইজৰ সহযোগত কঠোৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব বুলিও দলটোৱে ক্ষোভ উজাৰে। আজিৰ কাৰ্য্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দীপমণি বড়া,কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক দিগন্ত দাসৰ লগতে জিলা আৰু আঞ্চলিক সমিতিৰ প্ৰায় দুই শতাধিক নেতা কৰ্মী।