নগাঁও

নগাঁৱত সদৌ অসম মুকলি কুইজ প্ৰতিযোগিতা

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু এচ আৰ কে ছিনিয়ৰ ছেকেণ্ডৰী স্কুলৰ সহযোগত নগাঁও শ্বহীদ অনিল বৰা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সদৌ অসম মুকলি কুইজ প্ৰতিযোগিতা । পঞ্চদশ বাৰ্ষিক ধ্ৰুৱজ্যোতি বৰা সোঁৱৰণী কুইজ প্ৰতিযোগিতাখনৰ বিষয় আছিল অসম বুৰঞ্জী । প্ৰণৱ দাসে পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাখনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৪০ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।

প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ লাভ কৰে অমিয় কুমাৰ বৰুৱা আৰু সুৰুজ কুমাৰ ডেকাই । দ্বিতীয় স্থান পাৰ্থপ্ৰতিম শৰ্মা আৰু হিমাংশু নাথৰ দলে লাভ কৰাৰ বিপৰীতে তৃতীয় স্থান লাভ কৰে পংকজ কলিতা আৰু হেমন্ত গগৈয়ে । একেদৰে চতুৰ্থ স্থান বিশ্বজ্যোতি বৰা আৰু শিবঞ্জন বৰুৱাই লাভ কৰাৰ বিপৰীতে পঞ্চম স্থান লাভ কৰে লিচা তালুকদাৰ, হৃষিকেশ বৰাই। ইপিনে ষষ্ঠ স্থান দখল কৰে বাপন পুৰকায়স্থ আৰু গোৰোং পণ্ডিতে ।

প্ৰয়াত জাতীয়তাবাদী নেতা ধ্ৰুৱজ্যোতি বৰা প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে অনুষ্ঠানটো মুকলি কৰে জিলা নিৰ্বাচনী বিষয়া মৌচুম প্ৰতীম নাথে। প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দীপমণি বড়া, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক দিগন্ত দাস, কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য গীতাৰ্থ শইকীয়া, নগাঁ‌ও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া, সাধাৰণ সম্পাদক দেৱাৰ্শীষ দাসৰ লগতে প্ৰতিদিন টাইমৰ সাংবাদিক বীৰেণ বৰা আৰু ইউ বি ফটোৰ জিলা সাংবাদিক প্ৰসেনজিৎ মণ্ডল আদি উপস্থিত থাকে ৷