নগাঁও

"আহা সখী আহা বাই, বৃন্দাবনে যাওঁ" ৰাস উৎসৱক লৈ উখল মাখল নগাঁৱৰ পশ্চিমাঞ্চল

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা: শৰৎ চন্দ্ৰাৱলী ৰাতি শ্ৰীকৃষ্ণৰ ৰাস উৎসৱক লৈ উখল মাখল ৰাজ্য। উজনি কি নামনি সকলোতে শ্ৰীকৃষ্ণৰ ৰাসৰ আখৰা। কাইলৈ ৰাস পূৰ্ণিমা। সমগ্ৰ ৰাজ্যৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৱৰ্তী কুৰুৱাবাহী সত্ৰটো ৰাস উৎসৱৰ ব্যপক আয়োজন।

কাইলৈ ৰাস পূৰ্ণিমাৰ পূৰ্বে শেষ আখৰাত ব্যস্ত হৈছে গোপী সৱ। শতবৰ্ষ গৰকা বটদ্ৰৱাৰ কুৰুৱাবাহী সত্ৰৰ ৰাস উৎসৱত পৰিবেশন কৰিব লগীয়া কেলিগোপাল নাটৰ আখৰাত ব্যস্ত হৈ পৰিছে গাঁৱৰ জীয়ৰী বোৱাৰী। অঞ্চলৰ শিশু, কিশোৰী, যুৱতী, বোৱাৰী সকলোৱে "আহা সখী আহা বাই, বৃন্দাবনে যাওঁ" শীৰ্ষক গীতৰ তালে তালে নৃত্যৰ আখৰাত ব্যস্ত হৈ পৰিছে।

কুৰুৱাবাহী সত্ৰত অহা ২৬ আৰু ২৭ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰাস উৎসৱ। লগতে বটদ্ৰৱাৰ সমীপৱৰ্তী অনান্য সত্ৰ, গাঁও সমূহতো ৰাসলীলাৰ মহা আয়োজনৰ উৎসৱমুখীতাই আকাশ বতাহ মুখৰিত কৰি তুলিছে। বটদ্ৰৱাৰ নসত্ৰ, কৰচুং সত্ৰ, বালিসত্ৰ, কুজি সত্ৰ, ভোমোৰাগুৰি, নমাটি, ৰাইডঙীয়া, চকলাঘাট, লালুংগাঁও, জাজৰিত চলিছে ৰাসৰ আখৰা।

নমাটি গাঁৱত অহা ২৭, ২৮ আৰু ২৯ নৱেম্বৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। তাৰোপৰি বটদ্ৰৱা আঞ্চলিক ৰাস উৎসৱ উদযাপন সমিতিৰ উদ্যোগত, শান্তিজান বজাৰত ২৭ আৰু ২৮ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব ৰাস উৎসৱ। ২৭ তাৰিখে কেলিগোপাল নাটক পৰিবেশন কৰাৰ পাছত ২৮ নৱেম্বৰত অশ্বকৰ্ন বধ মঞ্চস্থ কৰা হ'ব।