১৯ মে'ত পশ্চিম নগাওঁ জিলা সত্ৰ মহাসভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা.. 
নগাঁও

১৯ মে'ত পশ্চিম নগাওঁ জিলা সত্ৰ মহাসভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা..

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱা: অসম সত্ৰমহাসভাৰ অন্তৰ্ভুক্ত পশ্চিম নগাওঁ জিলা সত্ৰ মহাসভাৰ এখন বিশেষ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা বটদ্ৰৱাৰ সমীপৱৰ্তী শিমলুতল পকামুৰাৰ মাজগাঁও শান্তিপুৰ ডেকা নামঘৰত অনুষ্ঠিত হ'ব।

অহা ইং ১৯ মে' দেওবাৰে দিনৰ এঘাৰ বজাত অনুষ্ঠিত হ'বলগীয়া কাৰ্যনিৰ্বাহক সভাত পশ্চিম নগাওঁ জিলা সত্ৰ মহাসভাৰ সকলো বিষয়-ববীয়া, কাৰ্যকৰী সদস্য, সদস্যা, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য আৰু স্থানীয় সত্ৰানুৰাগী ৰাইজৰ যথা সময়ত উপস্থিতি আৰু সহযোগিতা সম্পাদক মাণিক বৰাই আন্তৰিকতাৰে কামনা কৰিছে।