ৰাষ্ট্ৰীয় জুনিয়ৰ ফুটবল প্ৰতিযোগিতাৰ বাবে সাজু নগাঁও ক্ৰীড়া সন্থা... 
নগাঁও

ৰাষ্ট্ৰীয় জুনিয়ৰ ফুটবল প্ৰতিযোগিতাৰ বাবে সাজু নগাঁও ক্ৰীড়া সন্থা...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: নগাঁও নুৰুল আমিন খেলাপথাৰত আয়োজন কৰা হৈছে ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। অহা ২৮ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা।

প্ৰতিযোগিতাখনি আয়োজকৰ দায়িত্বত আছে নগাঁও ক্ৰীড়া সন্থা। ইতিমধ্যে আটকধুনীয়াকৈ সজাই পৰাই ন ৰূপেৰে তৈয়াৰ কৰা হৈছে নুৰুল আমিন খেলাপথাৰখন।

এই প্ৰতিযোগিতাত ভাগ ল'ব ১৯ খন ৰাজ্যৰ ৫ শতাধিক খেলুৱৈয়ে। প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ইতিমধ্যে নগাঁৱত বাহৰ পাতিছে ১০ ৰাজ্যৰ ফুটবল দলে।প্ৰতিযোগিতাত কেইবাগৰাকীও ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় তাৰকা ফুটবলাৰে অংশগ্ৰহণ কৰাৰো আছে সম্ভাৱনা।

২৮ আগষ্টৰ বিয়লি ৪ বজাত প্ৰতিযোগিতাৰ উদ্বোধন কৰিব মন্ত্ৰী পীযুষ হাজৰিকাই।বিশিষ্ট অতিথি হিচাপে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ৰাষ্ট্ৰীয় ফুটবলাৰ হলিচৰণ নাৰ্জাৰী।

নুৰুল আমিন খেলাপথাৰত ইতিমধ্যে সম্পূৰ্ণ সাজু কৰি তোলা হৈছে দুখনকৈ প্লে গ্ৰাউণ্ড। প্ৰতিযোগিতাত দৈনিক ৪ খনকৈ খেল অনুষ্ঠিত কৰা হ'ব। প্ৰতিযোগিতাত অংশ লবলগীয়া দল সমূহ হ'ল অসম, অৰুণাচল প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, বিহাৰ, ত্ৰিপুৰা, গুজৰাট, হাৰিয়ানা, নাগালেণ্ড, ছিকিম, মণিপুৰ, ৰাজস্থান,আন্দামান নিকোবৰ, জম্মু আৰু কাশ্মীৰ,লক্ষাদ্বীপ, হিমাচল প্ৰদেশ, মধ্য প্ৰদেশ,তেলেঙ্গনা, উত্তৰাখণ্ড, পুণ্ডেশ্বৰী।

দলসমূহৰ সৈতে থাকিব সৰ্বমুঠ প্ৰায় ১০০ গৰাকীকৈ ছাৰ্পোট ষ্টাফ। দৰ্শকৰ বাবে প্ৰতিখন মেচেই হ'ব বিনামূলীয়া।খেল পৰিচালনাৰ দায়িত্বত থাকিব ১৬ গৰাকীকৈ অভিজ্ঞ ৰেফাৰী। প্ৰতিযোগিতাখনিৰ সন্দৰ্ভত শুকুৰবাৰে নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি ৰূপক শৰ্মাই এক সংবাদ মেল যোগে সদৰি কৰে ।