নগাঁও

বহিঃৰাজ্যত পুনৰ মৃত্যু অসমৰ যুৱকৰ; অৰ্থৰ অভাৱত পুতি পেলোৱা হ’ল মৃতদেহ...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও : পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ ৷ কৰ্মৰ সন্ধানত নগাঁৱৰ ননৈ পানী গাঁৱৰ পৰা যোৱা জোনাৰাম বৰা নামৰ যুৱকজনৰ ৰহস্যজনক ভাবে মৃত্যু হয় বিশাখাপট্টনমত৷

বিশাখাপট্টনমৰ সমীপৰ ৰে'ল লাইনৰ কাষৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে জোনাৰামৰ মৃতদেহ৷ দৰিদ্ৰ পৰিয়ালৰ সন্তান জোনাৰামৰ মৃতদেহ তিনিদিনৰ পূৰ্বে উক্ত স্থানৰ পৰা উদ্ধাৰ কৰা হয় যদিও মৃতদেহটি পৰিয়ালৰ লোকে নগাঁৱলৈ আনিবলৈ সক্ষম নহ'ল ৷ ধনৰ অভাৱতেই ঘৰলৈ আনিবলৈ সক্ষম নোহোৱা জোনাৰামৰ মৃতদেহ পুতি থোৱা হয় বিশাখাপট্টনমত৷

ৰোগীয়া পিতৃৰ লগতে সন্তান সহ পত্নীক এৰি থৈ যোৱা দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজনৰ মৃত্যুত হাহাকাৰ অৱস্থা পৰিয়ালৰ ৷ উল্লেখ্য যুৱকজনৰ মৃত্যুৰ পিছত সামাজিক নীতি-নিয়ম কৰিবৰ বাবে গাঁৱৰ ৰাইজে সহযোগ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷