নগাঁও

নগাঁৱৰ পৌৰাণিক "চেঙা পুখুৰী" সংৰক্ষণৰ প্ৰচেষ্টা বামুণীৰ এচাম সচেতন যুৱকৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, বঢ়মপুৰ : নগাঁও জিলাৰ বঢ়মপুৰৰ সমীপৱৰ্তী বামুণী দলৈগাঁৱত অৱস্থিত "চেঙা পুখুৰী" নামৰ পৌৰাণিক ৰজাদিনীয়া পুখুৰীটো সংৰক্ষণৰ প্ৰচেষ্টা হাতত লৈছে বামুণী দলৈ গাঁৱৰ এচাম সচেতন যুৱকে । বামুণী দলৈ গাঁৱৰ সোঁমাজতে অৱস্থিত ৰজাদিনীয়া পুখুৰীটো সংৰক্ষণৰ বাবে শনিবাৰে এখন সংৰক্ষণ সমিতি গঠন কৰা হয় ।

অঞ্চলটোৰ সচেতন যুৱক অজয় পাটৰক সভাপতি আৰু সঞ্জিত ভূমিজক সম্পাদক হিচাপে লৈ গঠন কৰা হয় এখন শক্তিশালী সংৰক্ষণ সমিতি । উক্ত ৰজাদিনীয়া পুখুৰীটোত বামুণীগাঁৱৰ যুৱকসকলে গঠন কৰা "শিৱম আত্মসহায়ক গোটে" মৎস্য পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

"শিৱম আত্মসহায়ক গোটে" "চেঙা পুখুৰী" সংৰক্ষণৰ তত্বাৱধায়ক হিচাপে মৎস্য পালনৰ প্ৰচেষ্টা হাতত লৈছে বুলি জানিবলৈ দিছে । ইয়াৰ বাবে " শিৱম আত্মসহায়ক গোটে " আজি বামুনী দলৈ গাঁৱত অৱস্থিত ৰজাদিনীয়া "চেঙা পুখুৰী"ৰ ইতিবৃত্ত" , চেঙা পুখুৰীলৈ যোৱা পথৰ দিশ নিৰ্দেশনা আৰু সংৰক্ষিত পুখুৰীৰ ফলক আঁৰে ।

উল্লেখ্য যে, কিংবদন্তি অনুসৰি , বামুনী দলৈ গাঁৱত অৱস্থিত চেঙা পুখুৰীটো এটা পৌৰাণিক ৰজাদিনীয়া পুখুৰী । এই পুখুৰীটোৰ পাৰতে "চেঙা বীৰ " নামৰ এজন ৰাজবিষয়াৰ নিবাস আছিল ।

চেঙা বীৰ নামৰ ৰাজবিষয়াজনৰ সুবিধা হোৱাকৈ ৰজাই এই পুখুৰীটো খন্দাইছিল । চেঙাৰ নাম অনুসৰিয়েই এই পুখুৰীটোৰ নাম "চেঙা পুখুৰী" হ'ল বুলি জনা যায় ।