নগাঁও

নগাঁৱত সমবায় বিভাগৰ কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ , নগাঁও : অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত সমবায় সমিতিৰ ভূমিকা গুৰুত্বপূৰ্ণ। নিৱনুৱা সমস্যা সমাধানৰ বাবে সমবায়ে সদায়ে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। আমাৰ চৰকাৰে সমবায় বিভাগক নতুনত্ব প্ৰদানত গুৰুত্ব আৰোপ কৰিছে- এই মন্তব্য অসমৰ শক্তি, সমবায় আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ।

মন্ত্ৰী নন্দিতা গাৰ্লোচাই বুধবাৰে নগাঁৱত অসম চৰকাৰৰ ৰাজ্যিক বাৰ্ষিক পৰিকল্পনা শিতানৰ ২০২২-২০২৩ বিত্তীয় বৰ্ষৰ পূঁজিৰে নগাঁও জিলা সমবায় সমিতিৰ উপ পঞ্জীয়ক আৰু সমবায় সমিতিৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ বহুমহলীয়া কাৰ্যালয় ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। তাতেই দিয়া ভাষণত সমবায় বিভাগক অধিক গতিশীল কৰি তোলা হ'ব বুলি মন্তব্য কৰে।

তেওঁ লগতে কয় যে ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদৰ ধাৰা শক্তিশালী কৰাত সমবায় সমিতিৰ সমূহৰ ভূমিকা অনস্বীকাৰ্য। সমবায় সমিতি সমূহক কাম-কাজৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বচ্ছতা থকা এক গতিশীল বিভাগলৈ ৰূপান্তৰিত কৰা হব্। সমবায় খণ্ডত পৰিৱৰ্তন আনিবলৈ অধিক উদ্ভাৱনীমূলক ধাৰণাৰ বিষয়ে চিন্তা কৰিবলৈ বিভাগীয় বিষয়া, কৰ্মচাৰীক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে অসম চৰকাৰৰ সমবায় সমিতিৰ পঞ্জীয়ক নাৰায়ণ কোঁৱৰ, নগাঁৱৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, নগাঁৱৰ নাবাৰ্ডৰ সহকাৰী মহাপ্ৰবন্ধক ৰাজেন্দ্ৰ ৰাজামৌলি পেৰনা আৰু নগাঁও উন্নয়ন প্ৰাধিকৰণৰ সভাপতি ধ্ৰুৱ জ্যোতি শর্মা উপস্থিত থাকে।

উল্লেখযোগ্য যে এবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে প্ৰকল্পটোৰ বাবে প্ৰায় ২ কোটি ৯২ লাখ টকাৰ ধন অনুমোদন কৰা হৈছে। বহুমহলীয়া ভৱনটোত নগাঁৱৰ সমবায় সমিতিৰ উপ-পঞ্জীয়ক আৰু সমবায় সমিতিৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয় আৰু এটা সভাকক্ষ থকাৰ পৰিকল্পনা কৰা হৈছে । নগাঁৱৰ সমবায় বিভাগৰ উপ পঞ্জীয়ন বিশ্বজিৎ চক্ৰৱৰ্তীয়ে পৰিচালনা কৰা সভাত সমবায় বিভাগৰ বিষয়ববীয়া আৰু জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।