নগাঁও

বটদ্ৰৱা আৰক্ষীৰ অভিযানত নিচাযুক্ত সামগ্ৰী সহ সৰবৰাহকাৰী আটক

Asomiya Pratidin

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ বটদ্ৰৱাৰ শান্তিজান বজাৰত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলায়। অভিযানকালত শান্তিজান বজাৰৰ সন্মুখৰ পৰা ৩টা চাবোনৰ বাকচত ভৰ্তি ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন হাতীযুঁজুৱাৰ আবুল কাচেম বুলি চিনাক্ত কৰা হৈছে ৷ আবুল কাচেমে বহু দিনৰ পৰা আৰক্ষীৰ চকুত ধূলি দি বিভিন্ন ঠাইত ড্ৰাগছ যোগান ধৰি আহিছিল।