নগাঁও

সাহিত্যিক,শিক্ষাবিদ নৰেন্দ্ৰ নাথ বৰাৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও: নগাঁও চহৰৰ পূব আমোলাপট্টি ভদ্ৰেশ্বৰ বৰুৱা পথ নিৱাসী বিশিষ্ট সাহিত্যিক, সংগীত শিল্পী, শিক্ষাবিদ, সমাজকৰ্মী নৰেন্দ্ৰ নাথ বৰা(৮৭)ৰ বাৰ্ধক্য জনিত কাৰণত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে । শিক্ষকতাক বৃত্তি হিচাপে গ্ৰহণ কৰা নৰেন্দ্ৰ নাথ বৰাই অৰুণাচল প্রদেশৰ দৈমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল ।

সাহিত্য আৰু সংগীতত বিশেষ ৰাপ থকা বৰাই গল্প,উপন্যাস, প্ৰৱন্ধ, গীতি কবিতাকে ধৰি প্ৰায় কুৰিখন গ্ৰন্থ ৰচনাৰে পঢ়ূৱৈ সমাজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। তেওঁ ৰচনা কৰা গ্ৰন্থ সমূহৰ ভিতৰত বন ফৰিঙৰ মন , উপলা নদীৰ ঢৌ , সপোন দেখো সুদূৰৰ, বুঢ়া লুইত দেখিলো,বুৰঞ্জীৰ বুলনি হাত, আকাশী গংগা বিচৰা নাই, সোণধলা টুনীনৈৰ পাৰ অন্যতম ।

সাহিত্য চৰ্চাৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে তেওঁক এককালীন আৰ্থিক অনুদান প্ৰদানেৰে সন্মানিত কৰিছিল। আনহাতে সংগীত চৰ্চাৰ লগত জড়িত নৰেন্দ্ৰ নাথ বৰা এগৰাকী পাকৈত তবলা বাদক আৰু ভায়লিন বাদক হিচাপে এসময়ত খ্যাতি অর্জন কৰিছিল। বিভিন্ন সামাজিক-সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানেৰে জড়িত নৰেন্দ্ৰ নাথ বৰাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰে।

তেওঁৰ মৃত্যুত বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, নগাঁও পৌৰসভাৰ উপপৌৰপতি সীমান্ত বৰাৰ লগতে পূৱ আমোলাপট্টি ৰঙালী বিহু উৎসৱ সমিতি, পূৱ আমোলাপট্টি মা কালী মন্দিৰ সমিতি, নৰ্ত্তমগাঁও নামঘৰ সমিতি, শ্মশানঘাট সাৰ্বজনীন শিৱ মন্দিৰ পৰিচালনা সমিতিকে ধৰি ভালেসংখ্যক ব্যক্তি আৰু অনুষ্ঠানে শোক প্ৰকাশ কৰে । মৃত্যুৰ সময়ত বৰাই পত্নী,দুই পুত্ৰ, বোৱাৰী, নাতি-নাতিনী সহ ভালেসংখ্যক আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।