নগাঁও

ৰহা মীন মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় মীন পালক দিৱস উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰহা: ৰহা মীন মহাবিদ্যালয়ত বুধবাৰে ৰাষ্ট্ৰীয় মীন পালক দিৱস উদযাপন কৰা হয়। অসম চৰকাৰৰ মীন বিভাগ, মীন মহাবিদ্যলয় আৰু নাবাৰ্ডৰ উদ্যোগত আয়োজিত এই ৰাষ্ট্ৰীয় মীন পালক দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মীন মন্ত্ৰী কেশৱ মহন্ত।

মন্ত্ৰীগৰাকীয়ে ৰাজ্যত গুণগত মৎস্য উৎপাদনত গুৰুত্ব দিয়া হৈছে বুলি মন্তব্য কৰে। অনুষ্ঠানত ৰহাৰ তিনিগৰাকী বিশেষ মীনপালকক সম্বৰ্ধনা জনোৱাৰ লগতে মীনপালকসকলৰ মাজত মাছৰ পোনা বিতৰণ কৰা হয়।

অনুষ্ঠানত স্থানীয় বিধায়ক শশীকান্ত দাস, মীন বিভাগৰ সঞ্চালককে ধৰি উচ্চ পদস্থ বিষয়া আৰু শতাধিক মীনপালক উপস্থিত থাকে।