নগাঁও

নগাঁৱৰ ছাত্ৰীৰ সত্ৰীয়া নৃত্যত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃত্তি লাভ

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : সত্ৰীয়া নৃত্যৰ জৰিয়তে নগাঁও জিলাৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীয়ে ভাৰত চৰকাৰৰ অধীনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটি বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰ (চিচিআৰটি)ৰ ২০২২/২৩ বৰ্ষৰ প্ৰতিযোগিতামূলক সাংস্কৃতিক প্ৰতিভা বৃত্তি আঁচনিৰ অধীনত সদ্য ঘোষিত এই বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে ১৩ বছৰীয়া ছাত্ৰী ৰিতুষ্মিতা শইকীয়াই।

তেওঁ নগাঁও তেলিয়াগাঁও নিবাসী মনোজ কুমাৰ শইকীয়া আৰু দিপ্তী শইকীয়াৰ কন্যা। নগাঁও খ্ৰীষ্টজ্যোতি বিদ্যালয়ৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত ৰিতুষ্মিতাক সত্ৰীয়া নৃত্যত পাৰদৰ্শিতাৰ বাবে এই বৃত্তি প্ৰদান কৰা হয়।

১০ বছৰৰ পৰা ১৪ বছৰ বয়সলৈকে আবেদন কৰিব পৰা প্ৰতিযোগিতামূলক এই বৃত্তি ২০ বছৰ বয়সলৈকে প্ৰদান কৰা হয়। নগাঁৱৰ সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক কেহুৰাম বৰাৰ তত্বাৱধানত ৰিতুষ্মিতাই ছয় বছৰ বয়সৰ পৰাই সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈ আছে ।

উল্লেখ্য যে, ৬বছৰ বয়সৰ পৰা সত্ৰীয়া নৃত্যত পাৰদৰ্শিতা দেখুৱাই বিভিন্ন পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা ৰিতুষ্মিতা এগৰাকী চিত্ৰশিল্পীয়ো। সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণৰ সমান্তৰালভাৱে তেওঁ ৮ বছৰীয়া চিত্ৰাং‌কনৰ অধ্যয়ন সমাপ্ত কৰি বৰ্তমান ডিপ্লমা প্ৰশিক্ষণ লৈ আছে।