নগাঁও

ক্ষুদ্ৰ মন আৰু ডাঙৰ শিক্ষানুষ্ঠান একেলগে আগবাঢ়িব নোৱাৰে: নগাঁও কলেজ (অট’নমাচ) ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকী

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : নগাঁও কলেজ (অট’নমাচ) ৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা ‘অধ্যক্ষৰ শেষ ভাষণ প্ৰদান অনুষ্ঠানত’ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে তেখেতৰ কাৰ্যকালৰ শেষৰটো ভাষণ প্ৰদান কৰে। বিদায়ী অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে তেখেতৰ ভাষণত সকলোৰে সহযোগিতাতহে এখন শিক্ষানুষ্ঠান আগবাঢ়িব পাৰে বুলি উল্লেখ কৰে।

সৰু মন আৰু ডাঙৰ শিক্ষানুষ্ঠান একেলগে আগবাঢ়িব নোৱাৰে বুলি ব্যক্ত কৰে। ড০ বৰকটকীয়ে ছাত্ৰ-ছাত্ৰী আৰু কলেজ পৰিয়ালক উদ্দেশ্যি, নগাঁও বিশ্ববিদ্যালয়ৰ ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কত বহু গুৰুত্বপূৰ্ণ বিষয় আজি শেষৰটো ভাষণত প্ৰদান কৰে। আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই অৱসৰী অধ্যক্ষ ড০ শৰৎ বৰকটকীক শুভেচ্ছা প্ৰদান কৰে।

নগাঁও কলেজে অধ্যক্ষ ড০ শৰৎ বৰকটকীলৈ আগবঢ়োৱা সন্মান প্ৰত্যক্ষ কৰি সম্পাদক নিতুমণি শইকীয়া অভিভূত হৈ ড০ শৰৎ বৰকটকীয়ে এই সন্মান সুদীৰ্ঘ শিক্ষকতা আৰু অধ্যক্ষতাৰ জৰিয়তে অৰ্জন কৰিছে বুলি মন্তব্য কৰে। শিক্ষকক সন্মান প্ৰদৰ্শনত নগাঁও কলেজে এক নজিৰ সৃষ্টি কৰিছে বুলি শইকীয়াই ব্যক্ত কৰে। এই অনুষ্ঠানতে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম কলেজ অধ্যক্ষ পৰিষদৰ সম্পাদক ড০ ৰণ্জন কুমাৰ কলিতা, সভাপতি ড০ সৌমাৰ জ্যোতি মহন্ত। অসম কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক ড০ জয়ন্ত বৰুৱাইও অনুষ্ঠানত উপস্থিত থাকি অধ্যক্ষ ড০ শৰৎ বৰকটকীৰ কৰ্মদক্ষতা, নেতৃত্ব সম্পৰ্কত বক্তব্য আগবঢ়ায়।

ড০ বৰকটকীৰ নেতৃত্বত কেনেদৰে নগাঁও কলেজে অট’নমাচ, অট’নমাচৰ পৰা বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰে সেই সম্পৰ্কে অৱগত কৰে। আজিৰ এই অনু্ষ্ঠানটো বৰ্ণাঢ্য সীংস্কৃতিক কাৰ্যসূচীৰে সমাপন হয়। অসমৰ জনপ্ৰিয় গায়িকা কুইন দাসো এই অনুষ্ঠানত উপস্থিত থাকে। এই অনুষ্ঠানত নগাঁৱৰ বিশিষ্ট অধিবক্তা আলোক গোস্বামী প্ৰমুখ্যে বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা, অনা শিক্ষক কৰ্মচাৰী, সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী, ড০ শৰৎ বৰকটকীৰ বহু গুণমুগ্ধ উপস্থিত থাকে।