নগাঁও

নগাঁও বাইপাছত চলন্ত বাছত অগ্নিকাণ্ড

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নগাঁও বাইপাছত এইবাৰ চলন্ত বাছত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। নিশা গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখী ৰত্নাগিৰি চুপাৰত এই অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। চুপাৰখনৰ যাত্ৰীসকলে কথমপি প্ৰাণ ৰক্ষা কৰে।

গুৱাহাটী অভিমুখী  চুপাৰখন চলন্ত অৱস্থাত নগাঁও বাইপাচ পাওঁতেই হৰ্ঠাৎ প্ৰকাণ্ড এটা শব্দ হয় আৰু তাৰ পিছতে বাছখনৰ পাছফালৰ দুটা চকা জ্বলি উঠে। আৰু লগে লগেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় যাত্ৰীসকলৰ মাজত। আতংকময় পৰিৱেশৰ মাজত বাছৰ পৰা ওলাই গৈ হে ৰক্ষা পৰে যাত্ৰীসকলে।

পাছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰাত কথমপি প্ৰাণ ৰক্ষা পৰে প্ৰায় ৪০ জনৰো অধিক যাত্ৰীৰ। বাছখনৰ কাৰিকৰী বিজুতি নে অন্য কাৰণ সেইয়া এতিয়াও স্পষ্ট হোৱা নাই।