নগাঁও

ন’ ডিছকাউন্ট : ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছতে ৰং সলনি কৰিছে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই

Asomiya Pratidin

ডিজিটেল সংবাদ ,নগাঁও : নগাঁৱৰ ঔষধ ব্যৱসায়ীসকলে জনস্বাৰ্থ বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি ঔষধৰ ক্ষেত্ৰত ৰেহাই ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ পাছত সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত আনুষ্ঠানিকভাৱে মুখ খুলিছে সংগঠনটোৱে ।বুধবাৰে নিশা নগাঁও চহৰৰ হোটেল বিদিশাত এক সংবাদমেলৰ জৰিয়তে নগাঁও জিলা মেডিচিন ডিলাৰ ডিষ্টিবিউটৰ এছচিয়েছনে ৰেহাই মূল্যত ঔষধ বিক্ৰী বন্ধ থাকিব বুলি স্পষ্ট ভাষাৰে সদৰী কৰে।

লগতে পুনৰ জনস্বাৰ্থ বিৰোধী স্থিতিত অৱস্থান কৰে । কেতবোৰ চালে বেৰে কোবোৱা যুক্তি প্ৰদৰ্শন কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ কথা পুনৰবাৰ প্ৰতিফলিত কৰে। আনকি সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দিয়াৰ বিপৰীতে কেতবোৰ অলাগতীয়াল কথাৰে বিষয়টো ফালৰি কাটি ঔষধ ব্যৱসায়ী সন্থাৰ নগাঁও জিলাৰ লগতে কেন্দ্ৰীয় নেতৃত্বই ঔষধৰ ক্ষেত্ৰত কোনো ৰেহাই ব্যৱস্থা নাথাকিব বুলি সদৰী কৰে।

আনকি তেওঁলোকে সমগ্ৰ অসমতে এই ৰেহাই ব্যৱস্থা পৰ্যায়ক্ৰমে বন্ধ হৈ পৰিব বুলিও প্ৰকাশ কৰে। সংবাদমেলত নিজৰ স্বাৰ্থ সিদ্ধিৰ কথা প্ৰকান্তৰে নস্যাৎ কৰিবলৈ বৃথা চেষ্টা চলাই তেওঁলোকে নগাঁৱত ঔষধৰ কোনো চিণ্ডিকেট চলা নাই বুলিও দাবী কৰে। তাৰোপৰি ৰাজ্যত ঔষধৰ গুণগত মান পৰীক্ষাৰ কোনো পৰীক্ষাৰ নথকা বিষয়টো উল্লেখ কৰি ঔষধ ব্যৱসায়ী সন্থাই এই ক্ষেত্ৰত চৰকাৰক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়।

সংবাদমেলত কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছচিয়েছন অৱ আছামৰ সাধাৰণ সম্পাদক জিতু বৰ্মন, উপ সভাপতি সঞ্জীৱ বৰা, যুটীয়া সম্পাদক দিব্যজ্যোতি নেওগ, নগাঁও জিলা মেডিচিন ডিলাৰ ডিষ্টিবিউটৰ এছচিয়েছনৰ সভাপতি জীৱন বনিক আদি উপস্থিত থাকে। সংবাদমেলত টিঙৰ পৰা ননমা নগাঁও জিলা মেডিচিন ডিলাৰ ডিষ্টিবিউটৰ এছচিয়েছনে বৃহস্পতিবাৰে এক বিবৃতিৰ জড়িয়তে জনাই যে নগাঁও চহৰৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত এছচিয়েছনৰ নগাঁৱৰ ঔষধ বিক্ৰী ক্ষেত্ৰখনত চৰ্চিত ন' ডিছকাউন্ট বিষয়ৰ সমস্যাটো সম্পৰ্কে আলোচনা কৰা হয়।

উক্ত সভাত এছচিয়েছনৰ উপদেষ্টা,বিষয়-ববীয়া, সদস্যৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি,সদৌ নগাঁও জিলা ছাত্ৰ সন্থা,বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিৰ নেতৃত্ব উপস্থিত থাকে। সভাত সকলোৱে নিজৰ মতামত ব্যক্ত কৰাৰ লগতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া, নগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক কংকনজ্যোতি বৰুৱা আৰু বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিৰ সভাপতি ৰূপজ্যোতি শইকীয়াই একেমুখে মানৱীয় দৃষ্টিভংগীৰে ঔষধ ব্যৱসায়ী সন্থাক ৰেহাই ব্যৱস্থাটো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়।

ইয়াৰ বিপৰীতে ঔষধ ব্যৱসায়ী সকলে ন' ডিছকাউন্ট ব্যৱস্থাটোক সমৰ্থন জনাই জ্যেষ্ঠ নাগৰিক, কেন্সাৰ, বৃক্ক ৰোগৰ দৰে জটিল ৰোগত আক্ৰান্ত ৰোগী সকলক ঔষধ ব্যৱসায়ী সকলে সাধ্যনুসৰি ৰেহাই দিব পাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। লগতে বিবৃতিটোত এছচিয়েছনৰ সভাপতি জীৱন বনিকে আগন্তুক দিনত ৰাইজৰ নগাঁওবাসীৰ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেন্সাৰ ৰোগত আক্ৰান্ত ৰোগীৰ বাবে বিনামূলীয়া এম্বুলেন্স সেৱা শাৰদীয় দূৰ্গোৎসৱৰ পাছৰে পৰা এছচিয়েছনে আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে।

বিবৃতিটো আৰু কয় যে, যিহেতু দল-সংগঠন আৰু সমাজৰ সকলো স্তৰৰ লোকৰ লগতে নগাঁও -বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ঔষধ ব্যৱসায়ী সকলক ৰেহাই বিষয়টো পুনৰ বিবেচনাৰ বাবে সন্থাক আহ্বান জনাইছে। সেয়েহে তেওঁলোকৰ প্ৰতি সন্মান জনাই ঔষধ ব্যৱসায়ী সকলে সাধ্যনুসৰি ৰেহাই মূল্যত ঔষধ দিয়া হ'ব বুলি উল্লেখ কৰে।

বুধবাৰৰ নিশাৰ সংবাদমেলত কোনো কাৰণতে ন' ডিচকাউন্ট প্ৰত্যাহাৰ কৰা নহয় বুলি দৃঢ়তাৰে কোৱা সন্থাটোৱে মাত্ৰ কেইঘন্টামানৰ পাছতে এক বিবৃতিযোগে সাধ্যনুসৰি ৰেহাই মূল্যত ঔষধ দিয়া হ'ব বুলি উল্লেখ কৰিছে, যদিও তেওঁলোকৰ এই কথাত ৰাইজ মুঠেই পতিয়ন যাব পৰা নাই। স্বাভাৱিকতে নগাঁও জিলা মেডিচিন ডিলাৰ ডিষ্টিবিউটৰ এছচিয়েছনৰ এই ভুমিকাৰ ক্ষেত্ৰত জিলা প্ৰশাসন অথবা স্বাস্থ্য বিভাগে এই পৰ্যন্ত ৰহস্যজনক স্থিতি গ্ৰহণ কৰা কাৰ্য‌‌‌ নগাঁৱৰ সচেতন ৰাইজে সহজভাৱে ল'ব পৰা নাই।