নগাঁও

নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ত এন এছ এছৰ উদ্ভাৱনীমূলক দক্ষতা বিকাশ কৰ্মশালা

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও : নগাঁও মহাবিদ্যালয় [স্বতন্ত্ৰ]ত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ অধীনস্থ প্ৰাণীবিভাগ বিভাগৰ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী কোষৰ উদ্যোগত আৰু এন.এছ.এছৰ সহযোগত ‘এড়ী সূতা কটা আৰু এড়ী সূতাত প্ৰাকৃতিক ৰঙ কৰা’ শীৰ্ষক এক হাতে-কামে কৰা তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈ যায় ৷ সমন্বয়ক¸ ড॰ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-কল্যাণ বিভাগৰ সঞ্চালক ড॰ ৰঞ্জন কাকতিয়ে ।

ড॰ কাকতিয়ে প্ৰেৰণামূলক বক্তব্যৰে অংশগ্ৰহণকাৰীসকলক এৰী উদ্যোগৰ ব্যৱসায়ৰ ক্ষেত্ৰত থকা সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰপৰা লাভ কৰা জ্ঞান আনকো প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ ড॰ ভুৱন চন্দ্ৰ চুতীয়াই তেওঁৰ বক্তব্যত পৰম্পৰাগত ৰেচম উৎপাদন কৌশলক পুনৰুজ্জীৱিত কৰাৰ কথা অৱগত কৰে ৷

নগাঁও মহাবিদ্যালয় [স্বতন্ত্ৰ]ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড॰ ৰঞ্জিত কুমাৰ মজিন্দাৰে ভাষণত যুগ যুগ ধৰি চলি অহা এৰি, ৰেচম উৎপাদনৰ পৰম্পৰা সংৰক্ষণ আৰু পুনৰুজ্জীৱিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ নগাঁও জিলাৰ ৰেচম বিষয়া জগদীশ শৰ্মাই এড়ী ৰেচম পৰম্পৰাক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে বিভিন্ন চৰকাৰী আঁচনিৰ ৰূপৰেখা দাঙি ধৰে ৷

এন.এছ.এছৰ সহকাৰী কাৰ্যসূচী বিষয়া ড০ মানস জ্যোতি নিৰ্মলীয়াই এন.এছ.এছৰ সদস্যসকলক প্ৰশিক্ষণৰ পৰা পোৱা জ্ঞান আঁকোৱালি লোৱা গাঁৱত প্ৰসাৰিত কৰিবলৈ আহ্বান জনায়। এই প্ৰশিক্ষণ কাৰ্যসূচীত নগাঁও, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাৰ ৫০জনৰো অধিক এড়ী পালনৰ সৈতে জড়িত লোক আৰু নগাঁও মহাবিদ্যালয়ৰ দুই শতাধিক এন.এছ.এছৰ সদস্যই অংশগ্ৰহণ কৰে ৷

এই প্ৰশিক্ষণ কাৰ্যসূচীৰ দ্বাৰা স্থানীয় ৰেচম উৎপাদক আৰু অনুৰাগীৰ মাজত দক্ষতা আৰু জ্ঞান বৃদ্ধিৰ লক্ষ্যৰে উন্নত মটৰচালিত যন্ত্ৰৰে এড়ী সূতা কাটিব পৰা কৌশল আৰু এড়ী সূতাত হালধী, শেৱালী ফুল, জেতুকা, তামোল, পিঁয়াজৰ বাকলি আদিৰ দ্বাৰা কেনেদৰে প্ৰাকৃতিকভাৱে এড়ী সূতাত ৰং কৰিব পৰা যায় সেই সম্পৰ্কেও জ্ঞান প্ৰদান কৰা হয় ৷ অঞ্চলটোৰ ৰেচম বিভাগক পুনৰুজ্জীৱিত কৰি অৰ্থনৈতিক বৃদ্ধিত সহায় কৰাৰ লক্ষ্যৰে এই তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সমাপ্তি ঘটে ৷