নগাঁও

শিশু নিৰ্যাতনৰ ঘটনাত গ্ৰেপ্তাৰ এজন

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাওঁ : নগাঁৱৰ ইটাপাৰাত জঘন্য ঘটনা । এটি কনমানি শিশুৰে অপকৰ্মত লিপ্ত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱকক ।

গ্ৰেপ্তাৰ হোৱা যুবকজনৰ নাম হৈছে ছামেদুৰ ৰহমান । পোহৰলৈ অহা তথ্য অনুসৰি ছামেদুৰে তিনি বছৰীয়া কন্যা সন্তান এটিক নিজৰ ঘৰলৈ লৈ যায় । চুবুৰীয়াৰ সন্তানটিক নিজৰ ঘৰলৈ ফুৰাবলৈ নি ছামেদুৰ অপকৰ্মত লিপ্ত হয় ।

পিছত ঘটনাটো শিশুটিৰ অভিভাৱকে জানিব পাৰি আৰক্ষীৰ কাষ চাপে । নগাঁও সদৰ থানাৰ ৭০০/২০২৪ নম্বৰৰ গোচৰৰ বিপৰীতে ছামেদুৰ ইছলামক গ্ৰেপ্তাৰ কৰা হয় ।