নগাঁও

ৰাঙলুত নিচাযুক্ত দ্ৰব্যসহ এজনক আটক

Asomiya Pratidin

ডিজিটেল সংবাদ,কঠীয়াতলীত : নগাঁৱৰ ৰাঙলুত বুধবাৰে ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰা হয় ৷ আটকাধীন যুৱকজন জাৱেদ আহমেদ বুলি জানিব পৰা গৈছে ৷

ধৃত সৰবৰাহকাৰীটোৰ পৰা ২০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৷ গাঁওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী জনক আটক কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷