নগাঁও

নকল চহী কৰি নগাঁও আৰক্ষীৰ জালত লংকাৰ ব্যক্তি

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও আৰক্ষীয়ে জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে এজনলোকক ৷ গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম ধৰ্মেন্দ্ৰ প্ৰসাদ শ্বাহ ৷ লোকজনক নগাঁৱৰ জাগৃতি হোণ্ডাৰ স্বত্বাধিকাৰী দেৱজিৎ শইকীয়াৰ চহী নকল কৰি পৰিবহন বিভাগৰ বিভিন্ন নথি-পত্ৰ উলিওৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ৷

জাগৃতি হোণ্ডাৰ অথ'ৰাইজদ চাৰ্ভিচ চেণ্টাৰক লৈ জালিয়াতি চলাই আহিছিল শ্বাহে ৷ ধৃত লোকজনৰ ঘৰ হোজাই জিলাৰ লংকাত বুলি জানিব পৰা গৈছে ৷ অনামিকা এণ্টাৰপ্ৰাইজ নামৰ অথ'ৰাইজদ চাৰ্ভিচ চেণ্টাৰটোৰ নামত শেহতীয়াকৈ জালিয়াতি সংঘটিত হৈছিল ৷ দেৱজিৎ শইকীয়াৰ অভিযোগৰ ভিত্তিত নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে হোজাইস্থিত বাসভৱনৰ পৰা কৰায়ত্ত কৰে ধৰ্মেন্দ্ৰ প্ৰসাদ শ্বাহক ৷