নগাঁও চহৰত ট্ৰেক্টৰৰ খুন্দাত নিহত এজন: এতিয়াও হোৱা নাই চিনাক্ত...  
নগাঁও

নগাঁও চহৰত ট্ৰেক্টৰৰ খুন্দাত নিহত এজন: এতিয়াও হোৱা নাই চিনাক্ত...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: আজি পুৱা নগাঁও চহৰৰ হয়বৰগাওঁ বজাৰত এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি পুৱা বজাৰলৈ অহা একাংশ লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি হয়বৰগাওঁ আৰক্ষী চকীৰ আৰক্ষীক খবৰ দিয়ে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। জানিব পৰা মতে মঙ্গলবাৰে নিশা পথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত হয়বৰগাওঁ বজাৰৰ ওচৰত এখন মাটি কঢ়িওৱা বাহনে লোকজনক খুন্দিওৱাৰ ফলত লোকজন থিতাতে নিহত হয়।

চি চি টি ভি কেমেৰাত লোকজনক বাহনখনে খুন্দিওৱাৰ দৃশ্য স্পষ্ট হৈ আছে। বাতৰি লিখা সময়লৈকে নিহত লোকজন চিনাক্ত হোৱা নাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।