নগাঁও

কলিয়াবৰৰ সেউজীয়া পাহাৰৰ টিলাত এদল শিল্পীৰ ’বৰ্ণিল কেনভাচ’...

Asomiya Pratidin

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰৰ সেউজীয়া পাহাৰ টিলাত এদল শিল্পীৰ ব্যতিক্ৰমী অনুষ্ঠান 'বৰ্ণিল কেনভাচ'য়ে শুকুৰবাৰৰ দিনটোত জীপাল কৰিলে কামাখ্যা পাহাৰৰ বুকু৷ ’ক্ৰিয়েটিভ- কলিয়াবৰ’ৰ ব্যৱস্থাপনাত, আৰ্ট ছছাইটি কলিয়াবৰৰ অৰ্ধ শতাধিক চিত্ৰ শিল্পীয়ে পাহাৰৰ বুকুত অংকন কৰিলে বৰ্ণিল কেনভাচ ৷

'বৰ্ণিল কেনভাচ, ৰং তুলিকাৰে জীপাল কৰোঁ শ্যামলীৰ বুকু’ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠানত পাহাৰৰ সেউজীয়াৰ বুকুত শাৰী-শাৰীকৈ বহি শিল্পীয়ে আঁকি গ’ল ৰং-বিৰিঙী কেনভাচ ৷ কামাখ্যা মন্দিৰৰ সেউজীয়া চিৰিত শিল্পীসকলে আৰম্ভ কৰা অনুষ্ঠানটি পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈ বিয়লি ৫ বজাত অন্ত পৰে ৷

ক্ৰিয়েটিভ কলিয়াবৰৰ সভাপতি নৃপেন কেঁওট, জয়ন্ত কুমাৰ শৰ্মাৰ লগতে আৰ্ট ছছাইটি কলিয়াবৰৰ সভাপতি যোগিন্দৰ সিং আৰু সম্পাদক ভৱেন বৰুৱা, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূপেন শৰ্মাৰ উপস্থিতিত কলিয়াবৰৰ চিত্ৰশিল্পীক অনুষ্ঠানৰ অন্তত এটি স্মাৰকৰ লগতে এখনি মানপত্ৰৰে সন্মানিত কৰা হয় ৷

অনুষ্ঠানটিত মঙ্গলদৈৰ চিত্ৰশিল্পী বিশ্বজ্যোতি বৰ্ণিল বৰুৱা আৰু নগাঁৱৰ চিত্ৰশিল্পী বিজয় ভূঞাই অংশগ্ৰহণ কৰি কেনভাচত চিত্ৰ অংকন কৰে ৷ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত এই অনুষ্ঠানৰ সামৰণিয়ে জীপাল কৰি তোলে সমগ্ৰ পৰিৱেশটি l