নগাঁও

অগপৰ ৰহা বিধান পৰিষদৰ বেবেজীয়া সংমণ্ডলৰ সাংগঠনিক সভা

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও জিলাৰ বেবেজীয়াৰ জুৰীয়া নামঘৰৰ প্ৰাংগণত প্ৰগতি সংঘৰ কাৰ্যালয়ত বুধবাৰে বিয়লি ৰহা বিধান পৰিষদৰ বেবেজীয়া মণ্ডলৰ সাংগঠনিক সভা অনুষ্ঠিত হয়। বেবেজীয়া বিধান মণ্ডলৰ সভাপতি ভূপেন মণ্ডলৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয়।

এই সভাখনিত বেবেজীয়া ডিমৌ-বাংঠাই পঞ্চায়ত,দক্ষিণপাট পঞ্চায়ত, তুলসী-দেউৰী পঞ্চায়ত, পাখিমৰীয়া পঞ্চায়ত, ঘাঁহী পঞ্চায়ত, নিজ হাতীচোং পঞ্চায়ত, জামুগুৰি-কুজীডাঁহ পঞ্চায়ত, কাকমাৰি পঞ্চায়ত, শালমৰা পঞ্চায়ত, দেওধৰ পঞ্চায়ত- ৩ নং ৱাৰ্ড, ৰণথলী ৩ নং ৱাৰ্ডৰ বিভিন্ন নেতা-কৰ্মী সকলে অংশগ্ৰহণ কৰে। সভাখনৰ আঁত ধৰে অগপ নেতা তথা জিলা উপ-সভাপতি বিনোদ বৰুৱাই।

সভাখনিত অগপৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য পদ্ম গোস্বামী, অগপ নেতা অতুল মেধি, কুলেন বৰা,মাণিক বৰা, বিশ্বজ্যোতি ভূঞা,পৱন বৰা,বীৰ চিং নাথ,কেশৱ দাস, বলীন্দ্ৰ কাকতি,অভিজিৎ দাসকে ধৰি ভালেকেইজন নেতা-কৰ্মীসকল উপস্থিত থাকে । উল্লেখযোগ্য যে সভাত প্ৰতিনিধি বৰ্গই অগপক অধিক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ আহ্বান জনায়।

অন্যহাতে নগাঁও সংসদীয় সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাক জয়ী কৰাবলৈ দলীয় কৰ্মীসকলক আহ্বান জনায়। উল্লেখযোগ্য যে ঐতিহাসিক অসম আন্দোলনৰ মূল স্থান ৰূপে চিহ্নিত আৰু অগপৰ দূৰ্গৰূপে খ্যাত বেবেজীয়াত সূদীৰ্ঘ দিনৰ মূৰত আজি অনুষ্ঠিত হোৱা অগপ দলৰ দলীয় সাংগঠনিক সভাখনে দলীয় কর্মী সকলক উৎসাহিত কৰি তোলে। সভাত অগপৰ কেইবাজনো তৃণমূলৰ পৰ্যায়ৰ নেতাই ভাজপাৰ একাংশ নেতা-পালিনেতাই অগপ কৰ্মীক গুৰুত্ব নিদিয়াক লৈ ক্ষোভ ব্যক্ত কৰে ।