নগাঁৱৰ তথাকথিত প'ৰ্টেলৰ স্বত্বাধিকাৰীক আটক... 
নগাঁও

নগাঁৱৰ তথাকথিত প'ৰ্টেলৰ স্বত্বাধিকাৰীক আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ কামপুৰঃ একাংশ সাংবাদিকৰ বাবেই সংবাদজগত কুলষিত হোৱাৰ লগতে সংবাদ ক্ষেত্ৰতখন বহু সময়ত সমালোচিত হৈ আহিছে। এনে এক পৰিবেশৰ মাজতে নগাওঁ আৰক্ষীয়ে ফেচবুক পেজ খুলি হকে-বিহকে মানুহক হাৰাশাস্তি কৰি এটা তথাকথিত প'ৰ্টেলৰ স্বত্বাধিতাকাৰীক মঙ্গলবাৰে নিশা আটক কৰা ঘটনাই নগাওঁ জিলাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এছ এন ইণ্ডিয়া নামেৰে ফেচবুকত পেজ খুলি সংবাদ পৰিবেশন কৰি থকা এই তথাকথিত প'ৰ্টেলটোৰ ধৃত স্বত্বাধিকাৰী জনৰ নাম আব্দুল জলিল আকণ্ড। আকণ্ডৰ বিৰুদ্ধে নগাঁও জিলাৰ কচুৱাৰ 'মা এণ্টাৰপ্ৰাইজ' নামৰ এটা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী শ্বহিদুল ইছলামে এক গোচৰ ৰুজু কৰিছিল।

অভিযোগ অনুসৰি শ্বহিদুল ইছলামৰ বিৰুদ্ধে আব্দুল জলিল অকাণ্ডে উদ্দেশ্যপ্ৰণোদিতভাৱে এক বাতৰি পৰিবেশন কৰিছিল। য'ত শ্বহিদুলৰ পিতৃক হত্যাকাৰী সজোৱা হৈছিল। এনে উদ্দেশ্য প্ৰণোদিত বাতৰি পৰিবেশনৰ বিৰুদ্ধে৩০ এপিলত নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এক গোচৰ তৰিছিল শ্বহিদুল ইছলামে।

এই গোচৰৰ ভিত্তিতে নগাঁও আৰক্ষীয়ে নিশাৰ ভাগলৈ আব্দুল জলিল আকণ্ডক আটক কৰে। উল্লেখ্য যে, এছ এন ইণ্ডিয়াৰ বিৰুদ্ধে পূৰ্বেও বহু ভুৱা বাতৰি কৰাৰ লগতে ধন দাবীৰ অভিযোগ উঠিছিল।